কলগাছিয়া, সংবাদ ৩৬৫, ২৪ জানুৱাৰী: অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মইনবড়ী সত্ৰকলৈ লৈ যি মিছা অপপ্ৰচাৰ চলাইছিল তাৰ চৰজমিন তদন্তৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎযাপন অনুষ্ঠানত ভাগ লোৱাৰ লগতে মইনবড়ী সত্ৰক লৈ সৃষ্টি হোৱা বিতৰ্কিত মইনবড়ী অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু বিশিষ্ট সাংবাদিক তথা বুদ্ধিজীৱি হাইদৰ হুছেইন। তেওঁলোকে মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰত উপস্থিত হৈ মইনবড়ী অঞ্চলৰ সকলো ধৰ্মৰ ৰাইজৰ লগত মত বিনিময় কৰি গৰাখহনীয়াৰ বাবেই মইনবড়ী সত্ৰখন সৰভোগলৈ স্থানান্তৰিত কৰা হৈছে বুলি জানিব দিয়ে। ইফালে কলিতাই কয় যে, মইনবড়ীৰ সকলো ধৰ্মৰ ৰাইজৰ মাজত যি সাম্প্ৰদায়িক সম্প্ৰীতি আৰু মিলাপ্ৰীতি এয়া অসমবাসীৰ বাবে এক উদাহৰণ বুলি উল্লেখ কৰে। আনহাতে বিশিষ্ট সাংবাদিক তথা বুদ্ধিজীৱি হাইদৰ হুছেইনে কয় যে, হিমন্ত বিশ্বই মইনবড়ী সত্ৰক লৈ মন্তব্য কৰি সমগ্ৰ অসম উত্তাল কৰিব বিচাৰিছে ই এক অসুৰিক মন্তব্য। তেওঁ এই মন্তব্য কৰি অসমৰ লগতে গোটেই ভাৰতবৰ্ষত এটা ভাল মেছেজহে দিছে। লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ৰাইজৰ প্ৰত্যাখা পূৰণ কৰাত ব্যৰ্থ হৈছে যাৰ বাবে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাৰ বাবে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক আৰু গোষ্ঠীগত ভাৱে থানবান কৰিব বিচাৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাইদৰ হুছেইনে।