গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : লোকসভা নিৰ্বাচনত পূৰ্বতকৈও বেছি ভোটত জয় লাভ কৰিব বিজেপিয়ে । বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰমেন ডেকা, ৰূপম গোস্বামীয়ে আয়োজন কৰা সংবাদমেলত এনেদৰে মন্তব্য কৰে ৰমেন ডেকাই।

আনহাতে, মঙলদৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ভাগ নোলোৱা অভিযোগটো খণ্ডন কৰি ৰমেন ডেকাই কয় আপোনালোকে নিজেই দেখিছে মই কিমান প্ৰচাৰত লাগিছো। দিলীপ শইকীয়া আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু তেওঁক জয়ী কৰোৱাটো আমাৰ সকলোৰে দায়িত্ব। মই নিজে স্থাপন কৰিছো বিজেপি দল । মোৰ লগত আৰু মাত্ৰ তিনিজনহে আছিল । গতিকে মই দলৰ বিৰোধিতা কৰাৰ প্ৰশ্নই নাহে। সংবাদমেলত এনেদৰেও মন্তব্য ৰমেন ডেকাৰ।

ইয়াৰোপৰি মোদী চৰকাৰৰ ৫ বছৰীয়া শাসনৰ খাতিয়ানও সংবাদমেলত দাঙি ধৰে ৰমেন ডেকাই। “উজ্জ্বলা আঁচনি”ৰ জৰিয়তে দৰং জিলাত ১লাখ লোক উপকৃত হৈছে । ২৬.০২ মিলিয়ন লোক সৌভাগ্য আঁচনিৰ জৰিয়তে উপকৃত হৈছে। সমগ্ৰ দেশৰ উপান্ত কৃষকক ৬ হাজাৰ টকাকৈ দিয়া হ’ব আৰু ইতিমধ্যে ২.৬০ কোটি কৃষক উপকৃত হৈছে । মুদ্ৰা আঁচনি, কনকলতা সবলীকৰণ আঁচনিৰ জৰিয়তেও অসমৰ যুৱতীক কৰ্মসংস্থাপনৰ সুযোগ দিয়া হৈছে।আত্মসহায়ক গোটৰ বাবেও ১ লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে। অসমৰ সকলো জিলাতেই প্ৰায় ১ লাখ ওচৰা-ওচৰিকৈ লাভান্বিত লোক আছে ।

আনহাতে, ঔদ্যোগিক ক্ষেত্ৰ আৰু নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কোনো তথ্য নাই বুলি অকপটে স্বীকাৰ কৰিলে ৰমেন ডেকাই ।

নাগৰিকত্ব আইনক আৰু তৰুণ গগৈক কটাক্ষ কৰি ডেকাৰ মন্তব্য – ২০১২ চনত তৰুণ গগৈয়ে হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিবলৈ অনুৰোধ জনাইছিল কেন্দ্ৰক । পত্ৰ প্ৰেৰণ কৰি গগৈয়ে আৱেদন জনাইছিল কেন্দ্ৰীয় চৰকাৰক । ২০১৫ চনতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বৈঠকত চৰকাৰে বাংলাদেশৰ পৰা লোকক নাগৰিকত্ব প্ৰদান কৰিব লাগে বুলি আলোচনা হৈছিল । কেৱল সংখ্যালঘু ভোটৰ লালসাতেই কেবৰ বিৰোধিতা কৰিছে কংগ্ৰেছে।