গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’ : লতাশিল থানাৰ পৰা চি জে এম কৰ্টলৈ নিয়াৰ সময়ত আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ সংবাদ মাধ্যমৰ আগত ভাষ্য “সংগ্ৰাম অব্যাহত থাকিব।মোৰ দেশ, মোৰ মাটি,মোৰ জাতি, মোৰ স্বাভিমান। কোনো বিস্ফোৰক পদাৰ্থ মোৰ লগত নাই। মই মোৰ দেশ আৰু মাটিক ভাল পাওঁ। ভাল পোৱাটো অপৰাধ হলে মই অপৰাধী। অসম ভাৰতৰ অংগ নাছিল আৰু ভৱিষ্যতেও নাথাকে, স্বাধীনতাই আমাৰ একমাত্ৰ লক্ষ্য আৰু লক্ষ্য প্ৰাপ্তি হবই। কোনো দিন এই সংগ্ৰাম থমকি নৰয়। মই সংগ্ৰামৰ লগত জড়িত , কূটাঘাটৰ লগত জড়িত নহয়।”

উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱা চাৰি বজাৰে পৰা জু ৰোডৰ গ্ৰেনেড বিস্ফোৰণ ঘটনাৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা ভাৰাঘৰত চলা আৰক্ষীৰ অভিযানত আটক কৰা হৈছিল আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া নামৰ মহিলাকগৰাকীক।

সম্প্ৰতি ৰাজগুৰুক স্বাস্থ্য পৰীক্ষাৰ বাবে পানবজাৰস্থিত এম এম চিলৈ লৈ যোৱা হৈছে । তাৰ পাছতেই তেখেতক নিয়া হ’ব চি জে এম কৰ্টলৈ।

এনেদৰেই তেখেতে বাৰে বাৰে সংবাদমাধ্যমৰ আগত কৈ আহিছে যে সংগ্ৰাম অব্যাহত থাকিব কিন্তু বিস্ফোৰণৰ ঘটনাৰ সৈতে তেখেত জড়িত নহয়। সমগ্ৰ বিষয়টো হয়তো আৰক্ষীৰ অধিক তদন্ততহে ওলাই পৰিব।