মঙলদৈ, সংবাদ ৩৬৫, ১১ জুনঃ অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সোমবাৰে পুৱা ১০.২৪ বজাত অহা এক মৃদু ভূমিকম্পাই জোকাৰি যায়। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্য ভূমিকম্পৰ অভিকেন্দ্ৰ নগাঁও জিলাৰ ধিং বুলি জানিব পৰা গৈছে আৰু প্ৰায় ১০ ছেকেণ্ডৰো অধিক সময় ধৰি জোকাৰণি অনুভৱ হোৱা ভূমিকম্পৰ ফলত কোনো ধৰণৰ বিশেষ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হোৱা নাই যদিও দৰং জিলাৰ মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ শ্ৰেণীকোঠাৰ মজিয়া খহি পৰে। বিদ্যালয়খনত পাঠদান চলি থকা সময়তে ভূমিকম্প অহাত অষ্টম শ্ৰেণীৰ শ্ৰেণীকোঠাৰ মজিয়া খহি পৰাত বিদ্যালয়খনত হুৱাদুৱাৰ সৃষ্টি হয়। এই ঘটনাত বিদ্যালয়খনৰ কপিল দাস আৰু হিতেশ বৰ্মন নামৰ দুজন ছাত্ৰ সামান্য পৰিমানে আহত হয় বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণিৰ ফলত ঠাই বিশেষে একাংশ লোক আতংকিত হৈ পৰে। মহানৰগৰী গুৱাহাটীৰ বিভিন্ন ঠাইত ভূমিকম্পৰ ত্ৰাসত এপাৰ্টমেণ্ট সমূহত বাস কৰা লোক সকলে এপাৰ্টমেণ্টৰ পৰা বাহিৰলৈ ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় লোৱা পৰিলক্ষিত হয়।