নিউজ ডেস্ক 

৩ জুন

মঙলবাৰৰ তুলনাত বুধবাৰে দেশত সামান্য বৃদ্ধি পালে ক’ভিড আক্রান্তৰ সংখ্যা। বিগত কিছুদিন ধৰি দেশত ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা নিম্নগামী হ’বলৈ ধৰিছিল যদিও বুধবাৰে পুনৰ সামান্য বৃদ্ধি পায় আক্রান্তৰ সংখ্যা। বুধবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ৩৪ হাজাৰ ১৫৪ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰে ২ হাজাৰ ৮৮৭ জন ক’ভিড ৰোগী।

দেশত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। প্ৰতিদিনে দেশত নতুন নতুন লোক ক’ভিড আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ কভিড ৰোগী। এপ্ৰিল মাহৰে পৰা দেশত তাণ্ডৱলীলা চলাই থকা ক’ভিডৰ শক্তি মে’ মাহৰ শেষৰ ফালে কিছু পৰিমাণে হ্ৰাস পায়। মে’ মাহৰ অন্তৰ ফালে নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা নিয়ন্ত্ৰণলৈ আহে যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা পূৰ্বৰ দৰেই অব্যাহত আছে।

মে’ৰ অন্তৰ জুন মাহৰ প্ৰথম দিনটোত আক্রান্তৰ সংখ্যা নিয়ন্ত্ৰণত আছিল যদিও প্ৰথম দিনটোত তুলনাত দ্বিতীয় দিনটোত সামান্য বৃদ্ধি পায় আক্রান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ৩৪ হাজাৰ ১৫৪ জন লোক। ইয়াৰ পৰিবৰ্তে বুধবাৰে দেশত মৃত্যুৰ মুখত পৰে ২ হাজাৰ ৮৮৭ জন ক’ভিড ৰোগী।

ইফালে জুন মাহৰ প্ৰথমটো দিন অৰ্থাৎ মঙলাবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ১ লাখ ৩২ হাজাৰ ৭৮৮ জন লোক। আনহাতে মঙলাবাৰে দেশত মৃত্যুৰ মুখত পৰিছিল ৩ হাজাৰ ২০৭ জন ক’ভিড ৰোগী। ইফালে বুধবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। বুধবাৰে ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠে ২ লাখ ১১ হাজাৰ ৪৯৯ জন লোক।