গোসাইগাঁওৰ পৰা বিশ্বজিৎ চৌধুৰী, সংবাদ ৩৬৫, ৩ আগষ্টঃ  এখন দলঙৰ বাবে একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰিলে গোসাইগাঁওৰ গকুলকাটা অঞ্চলৰ স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, বি টি চিৰ পৰিষদীয় সদস্য জিৰেণ বসুমতাৰীৰ বিৰুদ্ধে৷ গোসাঁইগাঁও বিধানসভা তথা বি টি চিৰ যমদুৱাৰ সমষ্টিৰ অন্তৰ্গত গকুলকাটা অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথ দীৰ্ঘদিন ধৰি যাতায়াতৰ অনুপোযোগী হৈ থকা সত্বেও জনপ্ৰতিনিধি সকলৰ কোনো দায়বদ্ধতা দেখা পোৱা নাই বুলি অভিযোগ কৰে ছাত্ৰ-ছাত্ৰী তথা ৰাইজ৷গোসাঁইগাঁও মহকুমাৰ জাৰাগুৰি,বাজুগাঁও,খকছাগুৰি আদি ঠাইলৈ যোৱাৰ বাবে হাৰাপুটা-গকুলকাটা পথটো দীৰ্ঘদিন ধৰি যাতায়াতৰ বাবে অনুপোযোগী হৈ আছে যদিও চৰকাৰ তথা বি পি এফ দলৰ স্হানীয় নেতা পালিনেতাৰ কোনো ভ্ৰুক্ষেপ নাই। কিছুদিন পূৰ্বে পখটোৰ দলঙখনৰ কাষতে স্থানীয় ৰাইজে বাঁহৰ জখলা বান্ধি অহা-যোৱা কৰাৰ ব্যৱস্থা কৰিছিল কিন্তু সেয়াও ইতিমধ্যে নষ্ট হৈ পৰাত বৰ্তমানে এইপথেৰে যাতায়াত কৰা সকলে বিপদসংকুলভাৱে সৰু এখন নাৱেৰে নৈ পাৰ হৈ গন্তব্য স্হানলৈ অহা- যোৱা কৰিবলৈ বাধ্য হৈছে। যাৰ ফলত কনকণ ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া অত্যন্ত বিপজ্জনক হোৱাত সিহঁতে বহু পথ ঘুৰি শিমুলটাপু,জাৰাগুৰি আনকি বংগৰ বিভিন্ন বিদ্যালয় লৈ যা’বলগীয়া হয়।উল্লেখ্য যে যোৱা বাৰিষাৰ বাঢ়নি পানীয়ে উক্ত কাঠৰ দলঙৰ এপাৰৰ পথসংযোগী অংশ উটুৱাই নিয়াৰ পাছত এবছৰে ক্ষতিগ্ৰস্থ হোৱা অংশখিনি মেৰামতি নকৰাৰ ফলত দলং খনৰ অৱশিষ্ট অংশ বৰ্তমানে বিধ্বস্ত হৈ পৰিছে।একাংশ ছাত্ৰ-ছাত্ৰীয়েও অভিযোগ কৰে যে আজিলৈকে স্হানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, বি টি চিৰ পৰিষদীয় সদস্য জিৰন বসুমতাৰীয়ে এই সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ লোৱাটো দূৰৈৰ কথা আজিলৈ খবৰ এটাও নল’লে।  অতি শীঘ্ৰে দলংখন মেৰামতি কৰি যাতায়াত ব্যৱস্হা সূচল কৰাৰ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা শিক্ষাৰ্থী সকলে।পূৰ্বৱৰ্তী কংগ্ৰেছ চৰকাৰে কোৱাৰ দৰে বৰ্তমানে বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰেও একেখিনি কথা গাই থাকে যদিও বাস্তবক্ষেত্ৰত বিপৰীত ছবি হে পৰিলক্ষিত হয়। জৰাজীৰ্ণ পথ তথা দলঙৰ ভগ্ন দশাই এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত জ্বলাকলা খুৱাইছে।