গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’ : অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সম্পৰ্কত অসম পাব্লিক ওৰ্ক্সে গৌৰি সদনত ২৭ এপ্ৰিল ২০১৯ত অনুষ্ঠিত কৰা সংবাদমেলত উত্থাপন আৰু অভিযোগ তোলা বিষয়ৰ সন্দৰ্ভত “নিয়মীয়া বাৰ্তা” বাতৰি কাকতখনত মন্ত্ৰী ভৱেশ কলিতাই মুখ্য অভিযন্তা, জলসিঞ্চন বিভাগ স্বাক্ষৰিত এক স্পষ্টীকৰণ দাঙি ধৰিছিল।

উল্লেখযোগ্য যে ২০১৯ চনৰ ৩০ এপ্ৰিল তাৰিখে অসম পাব্লিক ওৰ্ক্সে মন্ত্ৰী ভৱেশ কলিতাক প্ৰতিদিন টাইমৰ এক পোনপটীয়া সম্প্ৰচাৰত মুখামুখিকৈ জনাইছিল যে কোনো তথ্য সমৃদ্ধ নোহোৱাকৈ কথা নকওঁ আৰু পৰৱৰ্তী সময়ত জলসিঞ্চন বিভাগৰ আঁচনি ৰূপায়নত হোৱা দুৰ্নীতি-অনিয়মৰ তথ্য মন্ত্ৰীৰ ওচৰত দাখিল কৰিম।

৪ মে’ত “নিয়মীয়া বাৰ্তা” বাতৰি কাকতখনত মন্ত্ৰী ভৱেশ কলিতাই মুখ্য অভিযন্তা, জলসিঞ্চন বিভাগ স্বাক্ষৰিত এক স্পষ্টীকৰণত কয় যে সংবাদমেলত অনা অভিযোগ সমূহ মনেসজা ,ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত । গন্ধমৌ , শৰাইঘাট আৰু পাকৰকোণা আঁচনিৰ বিপৰীতে ৮৩.০৩ লাখ টকা মুকলি কৰি দিয়া হৈছে।

উক্ত স্পষ্টীকৰণৰ ওপৰত গৌৰি সদনত এখন সংবাদ মেল অনুষ্ঠিত কৰি মন্ত্ৰী ভৱেশ কলিতালৈ প্ৰশ্ন অসম পাব্লিক ওৰ্ক্সৰ যে ৮৩.০৩ লাখ টকা তেওঁ পৈত্রিক সম্পত্তি বেছি দিছিল নে চৰকাৰৰ ৰাজকোষৰ পৰা দিছিল ? যদি ৰাজকোষৰ পৰা দিছিল তেন্তে তাৰ বিনিময়ত ৰাইজে কি পালে? যদি ৰাইজে একো পোৱা নাই তেন্তে তেওঁৰ এই দম্ভালি কিহৰ ? ৰাইজে কিবা পালেনে নাই এবাৰ চৰজমিন অধ্যয়ন কৰিলেই সকলো পৰিস্কাৰ হৈ যাব।

সংবাদ মেলত তেওঁলোকে আৰু উল্লেখ কৰে যে জলসিঞ্চন বিভাগৰ ফালৰ পৰা ২০১৮ চনতে বিধায়ক নুৰুল হুদ্দাৰে এক লিখিত প্ৰশ্নৰ উত্তৰত সদনক জনাইছিল অসমত জলসিঞ্চনৰ মুঠ ৩০৩৩ খন আঁচনি আছে, ইয়াৰ সম্পূৰ্ণ হৈছে ১৬৩২ খন আৰু ১৪০১ খন অসম্পূৰ্ণ হৈ আছে । সম্পূৰ্ণ হোৱা ১৬৩২ খন আঁচনিৰ মাত্ৰ ৪৪৬ খন আঁচনি কাৰ্যক্ষম, ৭৪৬খন আংশিকভাৱে কাৰ্যক্ষম,২১৫ খন আঁচনি মেৰামতি কৰিব নোৱাৰাকৈ অকার্যক্ষম আৰু ২০৭ খন আঁচনি মেৰামতি কৰিব নোৱাৰাকৈ বিকল। বিভাগীয়ভাৱে জনপ্ৰতিনিধিক দিয়া এই তথ্যও মুখ্য অভিযন্তাৰ ভাষাত মনেসজা , ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত নেকি ? যদি পাৰে তেওঁ এই তথ্যৰ বিগত বছৰত কিমান পৰিৱৰ্তন আহিল তাক ৰাজহুৱা কৰক।

বিভাগীয় অভিযন্তাসকলে অপ্ৰয়োজনীয়ভাৱে আঁচনি বনাই চৰকাৰী ধন শৰাধ কৰাৰ তথ্যসমৃদ্ধ তথা ভাৰতীয় দণ্ডবিধিৰ আই পি চি ১২০বি,৪০৯,৪২০,৪৬৮,৪৭১ আৰু চেকচন ১২এণ্ড১৩ অফ প্ৰেভেনচন অফ কৰপশ্যন এক্টৰ ওপৰত কনট্রেক্টৰ,চীফ ইঞ্জিনীয়াৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট,ডাইৰেক্টৰ অফ ডিজাইন,ইৰিগেশ্যন ডিপাৰ্টমেণ্ট,একজিউকেটিভ ইঞ্জিনীয়াৰ, গোৱালপাৰা ডিভিজন,ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত এখন এজাহাৰ দিছে অসম পাব্লিক ওৰ্ক্সে।

উল্লেখ্য যে উক্ত আঁচনিখন আছিল জুৰিগাঁও এফ আই এছ এট গোৱালপাৰা ডিষ্ট্ৰিক্ট , আণ্ডাৰ গোৱালপাৰা ইৰিগেশ্যন ডিভিজন আৰু অনুমোদিত ৰাশি আছিল ৯ কোটি ১৯ লাখ ৬৬ হাজাৰ টকা। ইতিমধ্যে ইয়াৰে ২ কোটি ২১ লাখ টকা মুকলি কৰা হৈছে।

অসম পাব্লিক ওৰ্ক্সৰ হাতত থকা তথ্য অনুসৰি উক্ত আঁচনি ৰূপায়ণৰ নামত অনুমোদিত ধনৰ ৰাশিৰ পৰিমাণ ২২ কোটি টকালৈ বঢ়োৱাৰ বাবে বিভাগীয়ভাৱে লিখা-মেলা কৰা হৈছে। অনাগত দিনত আৰু অধিক আঁচনিৰ খেলি-মেলিৰ বিতং তথ্য দি এজাহাৰ দাখিল কৰাৰ কথা সংবাদমেলত উল্লেখ কৰে।