দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী : ৰাজ্যিক বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱাল, বিজেপিৰ বিধায়ক ডঃ নোমল মমিন আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিজেপিৰ সভাপতি নাছিৰ মোল্লাৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ গোচৰ ৰুজু।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত এক জনসভাত ৰাজ্যিক বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱাল আৰু কাৰ্বি আংলং জিলাৰ বোকাজনৰ বিজেপিৰ বিধায়ক ডঃ নোমল মমিনে প্ৰদান কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ৰজু কৰা হৈছে গোচৰ। বিজেপিৰ নেতা দুগৰাকী মানকাচৰ সমষ্টিৰ একাংশক ভাটিয়া মুছলমান বুলি তুচ্ছ্য তাচ্ছিল্য কৰি মন্তব্য প্ৰদান কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। মানকাচৰৰ ভাটীয়া মুছলমানে অঞ্চলটোৰ গাৰো আৰু হাজং সম্প্ৰদায়ৰ লোক সকলক বলপূৰ্বক ভাবে উচ্ছেদ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছিল বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱাল আৰু বোকাজনৰ বিজেপিৰ বিধায়ক ডঃ নোমল মমিনে। বিজেপিৰ নেতা দুগৰাকীয়ে মানকাচৰ বিধানসভাত কোনো কাৰণতে ভাটিয়া মুছলমানৰ দখলত যাব দিয়া নহ’ব বুলিও মন্তব্য প্ৰকাশ কৰি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু মানকাচৰ সমষ্টিৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলক বাংলাদেশী বুলি আখ্যা দিছিল। বিজেপি নেতাৰ বিতৰ্কিত মন্তব্যত ক্ষোভিত হৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে মমিনুল আৱাল, ডঃ নোমল মমিন আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিজেপিৰ সভাপতি নাছিৰ মোল্লাৰ বিৰুদ্ধে খাৰুৱাবন্ধা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে মানকাচৰ সমষ্টিৰ দলংগিৰিত অনুসুচিত জনজাতি গণজাগৰণ সভাত অলপতে অংশগ্ৰহণ কৰি বিতৰ্কিত মন্তব্য কৰিছিল মমিনুল আৱাল আৰু ডঃ নোমল মমিনে। বিজেপি নেতাৰ এনে বিতৰ্কিত মন্তব্যত ক্ষোভিত হৈ উঠিছে দক্ষিণ শালমাৰা-মানকাচৰৰ একাংশ দল সংগঠন।