গুৱাহাটী, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰীঃ মঙ্গলবাৰে পুৱতি নিশা মহানগৰী গুৱাহাটীত সংঘটিত হোৱা এক অগ্নিকাণ্ডত তিনিটাকৈ শিশু অগ্নিদগ্ধ মৃত্যুৰ মুখত পৰে। বশিষ্ঠৰ পাটৰকুছিত পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ থিতাতে তিনিটা শিশুৰ মৃত্যু হয় আৰু দুটি শিশু আহত হয় বুলি জানিব পৰা গৈছে। নিহত শিশু কেইটা ক্ৰমে সুন্দৰী, মৰিময় আৰু প্ৰিয়ংকা বুলি চিনাক্ত কৰা হৈছে। সমেশ্বৰ তিমুঙ নামৰ এজন লোকৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত ১২ টাকৈ গৃহ ভস্মীভূত হোৱা বুলিও জানিব পৰা গৈছে। স্থানীয় ৰাইজে সন্দেহ কৰা মতে কোনো দুৰ্বৃত্তই সমেশ্বৰ তিমুঙ নামৰ এজন লোকৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।