গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মাৰ্চ: গুৱাহাটীৰ ফটাশিল আমবাৰীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় কামৰূপ মহানগৰ কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে৷ ছিটৰিয়’ স্কুল অব কাৰাটে, আছামৰ সৌজন্যত এই চেম্পিয়নশ্বিপ আয়োজন কৰিছে ফটাশিল আমবাৰীৰ দ্য ফাইটাৰ্ছ ক্লাবে৷ শনিবাৰে দিনৰ ২:৩০ বজাত স্থানীয় আমবাৰী শিশু বিদ্যালয় প্ৰাংগণত খেলৰ শুভ উদ্বোধন কৰা হয়৷ গুৱাহাটীৰ প্ৰায় দুই শতাধিক উদীয়মান খেলুৱৈৱে অংশগ্ৰহণ কৰা খেলখনৰ মূল ৰাউণ্ডসমূহ দেওবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব৷