গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ: মহানগৰী গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে এক ধৰ্ষণকাণ্ড। জানিব পৰা মতে, ইন্দ্ৰজিত দাস নামৰ ৰেল বিভাগৰ এজন কৰ্মচাৰীয়ে নিজৰ ঘৰত ভাড়া থকা যুৱতী এগৰাকীক ধৰ্ষণ কৰে। ঘৰৰ মালিকে ভাড়া থকা যুৱতীক এগৰাকীক ধর্ষণ কৰাৰ খবৰ বিয়পি পৰাৰ পিছত সমগ্ৰ মালিগাঁও অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জালুকবাৰী আৰক্ষীয়ে দাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে। মহানগৰী গুৱাহাটীত নাৰী ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতনৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।