গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জুন : মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। খাৰঘূলিৰ হিৰম্বাপুৰত সংঘটিত হোৱা ভয়াবহ ভূমিস্খলনৰ ফলত নিহত হৈছে এগৰাকী ছাত্ৰী। পুৱা ঘৰ সাৰি থকা অৱস্থাত পাহাৰৰ মাটি খহি আহি ছাত্ৰী গৰাকীক হেচা মাৰি ধৰাত থিতাতে নিহত হয় ছাত্ৰী গৰাকী।
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানৰ কবলত। বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে বৰষুণৰ বাবে বৃদ্ধি পাইছে ৰাজ্যত ভূমিস্খলনৰ ঘটনাও। বিশেষকৈ মহানগৰী গুৱাহাটীৰ পাহাৰীয়া অঞ্চল সমূহত যোৱা কিছুদিন ধৰি সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা। দেওবাৰে পুৱাৰ ভাগত মহানগৰী গুৱাহাটীৰ খাৰঘূলি অঞ্চলৰ হিৰম্বাপুৰত সংঘটিত হোৱা এক ভয়াবহ ভূমিস্খলনৰ ঘটনাত এগৰাকী ছাত্ৰী নিহত হৈছে। জানিব পৰা মতে হিৰম্বাপুৰৰ প্ৰিয়ংকা বড়ো নামৰ এগৰাকী ছাত্ৰী পুৱা ঘৰ সাৰি থকা অৱস্থাত পাহাৰৰ মাটি খহি আহি ছাত্ৰী গৰাকীক হেচা মাৰি ধৰাত থিতাতে ছাত্ৰী গৰাকী নিহত হয়। নিহত প্ৰিয়ংকা বড়ো নামৰ ছাত্ৰী গৰাকী ২০১৫ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংগীত বিভাগত অসমৰ ভিতৰতে সব্বোচ্চৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰিয়ংকা বড়ো শাস্ত্ৰীয় আৰু লোক নৃত্যত পাৰ্গত আছিল আৰু গুৱাহাটী কলেজত অধ্যয়নত আছিল।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কিনকিনিয়া বৰষুণৰ ফলত মহানগৰীত কৃত্ৰিম বানপানীৰ লগতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। কিছুদিন পূৰ্বে কাহিলিপাৰাৰ পাৱাৰ হাউচত ভূমিস্খলনৰ ফলত তিনি গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল। ইফালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বাৰিষাৰ সময়ছোৱাত পাহাৰীয়া অঞ্চলত থকা বসবাস কৰা লোক সকলক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ নিৰ্দেশনাও জাৰি কৰিছে।