গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ১৪ ছেপ্তেম্বৰঃ মহানগৰীত পুনৰ চিটিবাছ চালকৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত সংঘটিত হয় এক পথ দুৰ্ঘটনা৷পথৰ ওপৰতে বাগৰি পৰিল এখন পানী কঢ়িওৱা পানী ভৰ্তি ট্ৰাক৷ফলত তীব্ৰ জান জটৰ সৃষ্টি হয় গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত৷চিটিবাছ চালকৰ উপদ্ৰৱৰ বাবে পানী কঢ়িওৱা গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰি ডিভাইডাৰত থকা বিজ্ঞাপনৰ হৰ্ডিং খহাই পেলায়৷ জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন চৌধুৰী ড্ৰিংকিং ৱাটাৰৰ নম্বৰ এ এছ১৯ এ৯০১৯ আছিল৷ইতিমধ্যে ঘটনাস্থলীত গাড়ীখন আতৰাবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই আৰক্ষীয়ে৷আধা ঘন্টাতকৈ অধিক সময় গাড়ীখন পথৰ ওপৰতে বাগৰি থকা পৰিলক্ষিত হয়৷ পাছত আৰক্ষীৰ তৎপৰতাত দুৰ্ঘটনাস্তলীত এখন ক্ৰেং উপস্তিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন এফালে বান্ধি লৈ যায়৷পাছত পুনৰ যান বাহন চলাচল অব্যাহত হয় পথটোত৷