গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ফাঁচী বজাৰৰ পৰা শনিবাৰে ক্ৰাইম বাঞ্চে এগৰাকী মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকৰিক আটক কৰে। ক্ৰাইম বাঞ্চে ফাঁচী বজাৰৰ তিনি নম্বৰ ৰেল গেটৰ পৰা আটক কৰা ড্ৰাগছ সৰবৰাহকৰি কেইজন হল ৰবি আলী, দছতোৰ আলী আৰু নিৰা দাস। ড্ৰাগছ সৰবৰাহকৰি কেইজনৰ পৰা ক্ৰাইম বাঞ্চে ৮ টাকৈ সৰু হিৰোইনৰ টেমা উদ্ধাৰ কৰাৰ লগতে বহু পৰিমাণ গাঞ্জা উদ্ধাৰ কৰে। ক্ৰাইম বাঞ্চে এই নিচাজাতীয় সামগ্ৰী ৰবি আলী আৰু নিৰা দাসৰ পৰা উদ্ধাৰ কৰে যদিও দছতোৰ আলীক সৰবৰাহকৰি কেইজনৰ লগত থকাৰ বাবে সন্দেহত আটক কৰে। উল্লেখ্য যে, শনিবাৰে ক্ৰাইম বাঞ্চে মহানগৰীৰ ৩০ টাকৈ স্থানত অভিযান চলাই ২৬ জন ড্ৰাগছ সৰবৰাহকৰিক আটক কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকৰি সকলৰ ভিতৰত এজন প্রাক্তৰ ক্ৰিকেট খেলুৱৈ থকা বুলি জানিব পৰা গৈছে।