গুৱাহাটী, সংবাদ ৩৬৫, ১২ এপ্ৰিল : মহানগৰীৰ গোটানগৰৰ গীতা বৈদ্য নামৰ এগৰাকী বৃদ্ধাই এবছৰীয়া চুক্তি অনুসৰি নিজৰ অট্টালিকা নিৰ্মাণৰ কামৰ দায়িত্ব দিছিল সৰ্বসাধন দেৱান ওৰফে ৰতন দেৱান নামৰ নামৰ এজন বিল্ডাৰৰ হাতত। বৃদ্ধাগৰাকীক অকলশৰীয়া দেখি বিল্ডাৰ সৰ্বসাধন দেৱানে আৰম্ভ কৰিলে বিভিন্ন অত্যাচাৰ। ধুৰন্দৰ বিল্ডাৰৰ চকু আছিল বৃদ্ধাগৰাকীৰ মাটিত ।
ইয়াৰোপৰি বিল্ডাৰজনৰ অধীনৰ শ্ৰমিকসকলক থাকিবলৈ দিয়া হৈছে বৃদ্ধাগৰাকীৰ অট্টালিকাত। বৃদ্ধাগৰাকীয়ে ঘৰ খালী কৰিবলৈ দিলেও বিল্ডাৰে খালী নকৰে ঘৰ। মুঠৰ ওপৰত দাদাগিৰিৰে বৃদ্ধাগৰাকীক অকথ্য নিৰ্যাতন চলাই আছে সৰ্বসাধন দেৱানে।
ঘটনা সন্দৰ্ভত অসহায় গীতা বৈদ্যই মহানগৰ আৰক্ষী আয়ুক্তৰ হাতত দাখিল কৰিছে এজাহাৰ। ইফালে ন্যায়ালয়ে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল বিল্ডাৰ সৰ্বসাধন দেৱান ওৰফে ৰতন দেৱানক। কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাত ক্ষোভ ব্যক্ত কৰিছে বৃদ্ধাগৰাকীয়ে।
মুঠৰ ওপৰত শীৰ্ষ আৰক্ষীৰ কাষ চাপিও ন্যায় পোৱা নাই বৃদ্ধাগৰাকীয়ে। বিল্ডাৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা থকাৰ পিছতো মুকলি আকাশৰ তলত বিল্ডাৰ সৰ্বসাধন দেৱান।