গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : গুৱাহাটীৰ মহানগৰীৰ আমবাৰীস্থিত “জাগৰণ আর্টফেডত” শনিবাৰৰ ৰাতি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনাৰ। শনিবাৰে ৰাতি প্ৰায় ১০.৪৫ বজাত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জুইত জাহ বহুতো মূল্যৱান সামগ্ৰী।

বৈদ্যুতিক শ্বট চাৰ্কিতৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে পৰিচালক সঞ্চালক মুকুল চন্দ্ৰ ডেকা।ডেকাই লগতে জানিবলৈ দিয়ে যে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ প্ৰথম প্ৰত্যক্ষ কৰিছিল “জাগৰণ আৰ্টফেডৰ” কৰ্মচাৰী ধীৰেণ নাথে।

পৰিচালক সঞ্চালক মুকুল চন্দ্ৰ ডেকাই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০লাখৰো অধিক টকাৰ মূল্যৱান সামগ্ৰী জুইত জাহ যোৱা বুলি জানিবলৈ দিয়ে। তাৰ ভিতৰত তেওঁ জানিবলৈ দিয়া অনুসৰৰি কম্পিউটাৰ ৩টা, জেৰক্স মেচিন ১টা, এ.চি ১টা, ফেক্স মেচিন ১টা, আলমিৰা ৯টা,ষ্টিলৰেগ ৮ টা, ফেন ১০খন, কাঠৰ টেবুল ৪খন , চকী ২৬খন, কাৰ্যলয় টেবুল ১৮ খন অগ্নিকাণ্ডত পোৰা যায়। ইয়াৰ উপৰিও বিভিন্ন প্ৰয়োজনীয় তথ্য-পাতিৰো এই অগ্নিকাণ্ডৰ ফলত পোৰা যায় বুলি জানিব দিয়ে।

উল্লেখ্য যে কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি গৃহটো বহু পুৰণি “জাগৰণ আর্টফেড” গৃহটো ১৯৫৫ চনতে নিৰ্মান কৰা হৈছিল। ফলত বৈদ্যুতিক বিজুটি ঘটাৰ সন্দেহ। ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈছিল যদিও জুই ভয়ংকৰ ৰূপ লোৱা নিৰ্বাপিত কৰিবলৈ প্ৰায় সময় লাগে ২ পৰা আঢ়ৈ ঘণ্টা সময় প্ৰয়োজন হোৱাৰ লগতে ৭-৮খনকৈ অগ্নিনিৰ্বাপক বাহিনী বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।অহাৰ পাছতহে নিৰ্বাপিত হৈছে জুই।