গুৱাহাটী, সংবাদ ৩৬৫, ১১ মে’ : ভূতৰ ওপৰত দানহ পৰাদি মাত্র এৰাতি বা এবেলাৰ বৰষুণতে গুৱাহাটীত কৃত্রিম বানত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ ৷ সাগৰ সদৃশলৈ পৰিণত হয় সমগ্র মহানগৰী ৷ স্কুলৰ ছাত্র-ছাত্রী, কার্যালয়ৰ পৰা চাকৰিয়াল ঘৰলৈ আহোঁতে কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা অৱস্থাৰ সৃষ্টি হয় ।

উল্লেখযোগ্য যে যোৱা বছৰৰ বাৰিষাত গুৱাহাটীত কৃত্ৰিম বানপানীৰ ফলত লগতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা দুলাল মালাকাৰকে ধৰি মুঠ ৭ জন লোকৰ মৃত্যু ঘটিছিল।

মহানগৰীৰ এই কৃত্ৰিম বান ৰোধৰ বাবে এইবাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে বিভাগ সমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এই ব্যৱস্থা অনুযায়ী বিভিন্ন স্থানত খন্দা হৈছে পুখুৰী । এই পুখুৰীৰ জৰিয়তে পানী লৈ যোৱা হ’ব নলা নৰ্দমালৈ । এই ব্যৱস্থা সন্দৰ্ভত নিৰীক্ষণ কৰিবলৈ ইতিমধ্যে বিভিন্ন স্থান পৰিদৰ্শন কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব।

জিলা প্ৰশাসনৰ এই ব্যৱস্থা কিমানদূৰ ফলপ্ৰসূ হয় সেইয়া সময়েহে কব । অপৰিকল্পিতভাৱে গঢ়ি উঠা মহানগৰখন বিজ্ঞানসন্মতভাৱে পুনৰ নির্মাণ কৰাটো সম্ভৱ নহয়৷ কিন্তু বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত দীর্ঘম্যাদী ব্যৱস্থা খৰতকীয়াকৈ হাতত ল’ব পাৰিলে গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যাৰ হয়তো সমাধান হয়তো সম্ভৱ হ’ব৷