আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
১০ জানুৱাৰী

শিৱসাগৰত ঐতিহ্যত মোক্ষম আঘাত৷ সভ্যতাত কুঠাৰঘাত হানি দুস্কৃতিকাৰীয়ে ভাঙি পেলালে ঐতিহাসিক বগীদ’লৰ ৰজাদিনীয়া বৰপুখুৰীৰ পাৰ৷ মাছ ধৰাৰ বাবে দুস্কৃতিকাৰীয়ে জেচিবিৰ সহায়ত ভাঙি পেলালে ঐতিহাসিক বগীদ’লৰ ৰজাদিনীয়া বৰপুখুৰীৰ পাৰ৷

শিৱসাগৰত ঐতিহ্যত মোক্ষম আঘাত হানি দুস্কৃতিকাৰীয়ে
মাছ ধৰাৰ বাবে জেচিবিৰ সহায়ত ৰজাদিনীয়া বৰপুখুৰীৰ পাৰ ভঙাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ ঘটনাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে আটাছু। ক্ষোভিত আটাছু কৰ্মীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি বৰপুখুৰীৰ পাৰ ভঙাৰ লগত জড়িত দুস্কৃতিকাৰী সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। ছশ বছৰীয়া আহোম ঐতিহ্যত মোক্ষম আঘাত হানি চৰকাৰ, প্ৰশাসন, পুৰাতত্ব বিভাগৰ নাকৰ তলতেই ঐতিহাসিক সম্পদ এইদৰে ধংসত একাংশ দুস্কৃতিকাৰী নামি পৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আটাছু কৰ্মীয়ে। শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত বগীদ’লত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আহোম ঐতিহ্যৰ বাৰ্তা বহণ কৰি অহা পুখুৰীটোৰ পাৰ মাছ ধৰিবৰ বাবে দুৰ্বৃত্তই পুখুৰীৰ পাৰ ভাঙি দিয়া ঘটনাটোক সহজ ভাৱে লোৱা নাই শিৱসাগৰবাসী ৰাইজ। ঘটনাস্থলীৰ পৰা পলায়ণ কৰে। ক্ষুদ্ধ আটাছু কৰ্মীয়ে এই কাৰ্যৰ ঘোৰ প্ৰতিবাদ কৰাৰ লগতে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে ঘটনা সন্দৰ্ভদ পুৰাতত্ব বিভাগেও দুস্কৃিৃতিকাৰীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।