যতীন নাথ

মাজবাট

২২ জুলাই

গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষীৰ অভিযান। ৫৫ কেজি ভাংসহ আটক কৰিলে এজন যুৱকক। যুৱকজন দীৰ্ঘদিন ধৰি চলাই আছিল ভাংৰ বেহা। আৰক্ষীয়ে ভাংসহ আটক কৰা যুৱকজনৰ জেৰাৰ অন্তত অন্য এজন যুৱককো আটক কৰে।

ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত আদৰ্শ বাহাদুৰ গাঁৱৰ টাৰ্নিং বজাৰৰ ওচৰৰ পৰা বুধবাৰে মাজবাট আৰক্ষীয়ে ৫৫ কেজি ভাংসহ এজন যুৱকক আটক কৰে। জানিব পৰা মতে মাজবাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত অভিযান চলাই বুধবাৰে পুৱা ৭-৩০ মান বজাত আদৰ্শ বাহাদুৰ গাঁৱৰ টাৰ্নিং বজাৰৰ ওচৰৰ পৰা খালা দৈমাৰী নামৰ এজন লোকৰ পুত্ৰ ইলিয়া দৈমাৰীক ৫৫ কেজি ভাংসহ আটক কৰে। যুৱকজনক আৰক্ষীয়ে আটক কৰি মাজবাট থানালৈ আনি জেৰা কৰাৰ অন্তত ভাংৰ বেহাৰ লগত জড়িত থকাৰ সন্দেহত মাজবাটৰ নাহেৰুৱা গাঁৱৰ পৰা বিলিয়ন দৈমাৰী নামৰ অন্য এজন যুৱককো আটক কৰে।

ভাংৰ বেহাৰ লগত জড়িত থকাৰ সন্দৰ্ভত মাজবাট আৰক্ষীয়ে ইলিয়ান দৈমাৰীৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ওদালগুৰি আদালতত হাজিৰ কৰে। পিছত আদালতে যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে আৰক্ষীয়ে বিলিয়ন দৈমাৰীক মাজবাট থানাতে ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইলিয়ান দৈমাৰী দীৰ্ঘদিন ধৰি ভাংৰ বেহাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।