ডিফু 

৩ অক্টোবৰ

কাৰ্বি আংলং জিলাৰ মাঞ্জাত পুনৰ ৮ কোটি টকা মূল্যৰ ব্ৰাউন ছুগাৰ আৰু য়াভা টেবলেটসহ তিনিজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ। বিগত কিছুদিন ধৰি জিলাখনত আৰক্ষীয়ে নিচাজাতীয় সমগ্রীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সমগ্রীৰ লগতে কেইবাগৰাকী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক নিৰ্দেশ মৰ্মে বিগত সময়ছােৱাত আন্তর্জাতিক ড্রাগছ সৰবৰাহহকাৰী চক্রৰ বিৰূদ্ধে অন্যতম সফল অভিযান চলাই অহা মাঞ্জা আৰক্ষীয়ে শুকুৰবাৰৰ পৰা অভিযান চলাই শনিবাৰলৈকে প্ৰায় ৮ কোটি টকাৰ ড্রাগছ জব্দ কৰাৰ লগতে মুঠ তিনিজন ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এক গােপন খবৰৰ ভিত্তিত শুকুৰবাৰে বিয়লি কার্বি আংলং জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাঞ্জাত মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক জব্দ কৰি অভিযান চলাই ট্ৰাকখনৰ পৰা ১ কেজি ব্রাউন ছুগাৰ জব্দ কৰাৰ লগতে ৫০৭০ টা নিচাযুক্ত য়াবা টেবলেট জন্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ব্রাউন ছুগাৰখিনিৰ বজাৰ মূল্য পাঁচ কোটি টকা হােৱাৰ লগতে নিচায়ুক্ত টেবলেটসমূহৰ বজাৰ মূল্য কমেও তিনি কোটি টকা বুলি জানিব পবা গৈছে। আৰক্ষীয়ে মুঠ ৮ কোটি টকাৰ ড্রাগছ জব্দ কৰাৰ লগতে এই সন্দর্ভত বিহাৰৰ বিনােদ প্রসাদ আৰু গণেশ শাহ নামৰ দুই ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, ধৃত দুই ড্রাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকা আৰু ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্রীৰ নেতৃত্বত কার্বি আংলং আৰক্ষীৰ এটা দলে অসম আৰক্ষীৰ অপৰাধ শাখা আৰু বশিষ্ঠ আৰক্ষীৰ সহযােগত গুৱাহাটীৰ বশিষ্ঠত অভিযান চলাই দীনেশ কুমাৰ নামৰ আন এজন ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। মহানগৰীৰ বশিষ্ঠত বাহৰ পাতি দীনেশ কুমাৰ নামৰ ড্রাগছ সৰবৰাহকাৰী জনে ড্ৰাগছৰ বেহা পৰিচালনা কৰি আহিছিল বুলি এক সুত্রই সদৰি কৰিছে। সূত্রটোৱে লগতে সদৰি কৰা মতে, ড্রাগছ সৰবৰাহকাৰীৰ চক্রটোৱে মূলত পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত থাকি গােপনে এক বৃহৎ ড্রাগছ সৰবৰাহকাৰী চক্র গঢ়ি তুলিবলৈ সক্ষম হৈছে। শুকুৰবাৰে জব্দ হােৱা বিশাল পৰিমাণৰ এই নিচাযুক্ত সামগ্রীসমূহ ইম্ফলৰ পৰা গুৱাহাটীলৈ নি পিছত অন্য ৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এই অভিযানত ড্রাগছ সৰবৰাহ কৰা ট্রাকখনৰ লগতে দীনেশ কুমাৰৰ ঘৰত অভিযান চলাই এখন মাৰুতী অল্ট বাহন জব্দ কৰে যদিও তদন্তৰ খাতিৰত জব্দ হােৱা বাহন দুখনৰ সবিশেষ তথ্য প্রদানৰ পৰা বিৰত আছে আৰক্ষী। উল্লেখ্য যে বিগত কিছুদিন ধৰি কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।