জনীয়া, সংবাদ ৩৬৫, ১ নৱেম্বৰ: সমাগত পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে জনীয়াৰ ঘৰে ঘৰে মাটিৰ চাকি প্ৰস্তত কৰাত ব্যস্ত হৈ পৰিছে মৃৎশিল্পী সকল। জনীয়াৰ পালপাৰাৰ মধুশুধন পালৰ লগতে কেইবাঘৰৰো যুৱক-যুৱতী, আবাল-বৃদ্ধ, মহিলা সকলেও মৃৎশিল্পৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। এই মৃৎশিল্পী সকলৰ যাদুকৰী হাতৰ পৰশত সাধাৰণ বোকা মাটি প্ৰাণ পাই উঠিছে আৰু তৈয়াৰ হৈছে মাটিৰ চাকি, নহৰু, পিয়াঁজ, ডালিম, আনাৰস, ল’ৰা-ছোৱালীৰ বিভিন্ন ধৰণৰ আকৰ্ষণীয় খেলৰ সামগ্ৰীকে ধৰি বিধে বিধে পাচলি, ফল-মূল। মৃৎশিল্পী সকলৰ নিজা প্ৰচেষ্টাত নিজৰ ঘৰখন চলাই নিয়াৰ উপৰিও জনীয়া অঞ্চলক অৰ্থনৈতিক ভাবেও টনকিয়াল কৰাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাই আহিছে। জনীয়াৰ মৃৎশিল্পী সকলৰ ঘৰে প্ৰতি দিপাৱলীৰ উপলক্ষে নিৰ্মাণ কৰি উলিয়াইছে প্ৰায় ৬০ হাজাৰৰো অধিক মাটিৰ চাকি। মাটিৰ চাকিবোৰ শিল্পী সকলে খুচুৰা বিক্ৰী কৰাৰ লগতে যুগ-যুগ ধৰি ৰাজ্যৰ বিভিন্ন জিলাত পাইকাৰী হিচাপত বিক্ৰী কৰি আহিছে। সম্প্ৰতি চীনা সামগ্ৰীয়ে বজাৰ দখল কৰাৰ সময়তে জনীয়াৰ পালপাৰাৰ যুৱক-যুৱতী, মহিলা সকলে কঠোৰ শ্ৰমেৰে নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে শাৰী শাৰী মাটিৰ চাকি আৰু বিভিন্ন সামগ্ৰী। শাৰী শাৰী এই মাটিৰ চাকিৰ পোহৰে উদ্ভাসিত কৰি তুলিব দিপাৱলীৰ সন্ধিয়া।