দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : ধুবুৰী জিলাৰ অসম মেঘলায় সীমান্তৱৰ্তী কুৰকাৰপাহাৰ গাঁৱত মাত্ৰ ৯০০ টকাৰ বাবে বন্ধুৱে বন্ধুক হত্যা কৰি নদীত ভূটভূটি নাৱৰ তলত লুকাই ৰখাৰ প্ৰায় ২০ ঘণ্টা পাছত মাছমৰিয়াই মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুজন হত্যাকাৰীক আটক কৰি গণ প্ৰহাৰৰ পাছত আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য নে অসম মেঘলায় সীমান্তবৰ্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানা এলেকাৰ কুৰকাৰপাহাৰ গাঁৱৰ জামাল মণ্ডলৰ পুত্ৰ আলম মণ্ডল (১৭) ক কেবাজনীয়া দল এটাৰ সহযোগত বন্ধুৱে হত্যা কৰে।

প্ৰাপ্ত বাতৰি মতে আলম মণ্ডল যোৱা কেইবামাহ পূৰ্বে ধুবুৰীৰ ফকিৰগঞ্জ থানা এলেকাৰ বাসমূৰা গাঁৱৰ বাছেৰ আলিৰ পুত্ৰ ছফিয়াল হক (১৭) নামৰ বন্ধু জনৰ লগত গুৱাহাটীলৈ ৰাজ মিষ্টিৰীৰ কামত দিন হাজিৰা কৰিবলৈ যায়। প্ৰায় চাৰি পাঁচ দিন পূৰ্বে কেইদিনমানৰ ছুটি লৈ বন্ধুদ্বয় ঘৰলৈ উভতি আহে। ইফালে কিছুদিন পূৰ্বে আলমৰ পৰা ছফিয়াল হকে টকা ঋণ লৈছিল যদিও বাকী ধন উভতাই দিছে যদিও ৯০০ টকা উভতাই দিয়া নাছিল। ইয়াক লৈ দুয়োৰে মাজত কাজিয়া চলি আছিল। এনে পৰিস্থিতি মাজত যোৱা কালি সন্ধিয়া প্ৰায় ৭ বজাত বন্ধু আলমৰ ঘৰলৈ ছফিয়াল হক আহি জিঞ্জীৰাম নদীৰ কাষত ফুৰিবলৈ লৈ যায়। তেতিয়াৰ পৰাই আলম নিখোজ হৈ পৰে।

নিশা আলম ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত অভিযান চলায়। কিন্তু বুধবাৰে বিয়লি প্ৰায় চাৰি বজালৈ যুৱক জনৰ সন্ধান উলিয়াব নোৱাৰে।

ইফালে বিয়লি প্ৰায় ৪.৩০ বজাত জিঞ্জীৰাম নদীৰ বুকুত একাংশ মাছ মৰিয়াই মাছ মাৰি থকা অৱস্থাত হত্যাকাৰী বন্ধুজন মালু শেখ (২৫) নামৰ আন এগৰাকী হত্যাকাৰীৰ লগত বাৰে বাৰে নাৱৰ তললৈ চাই থকাত মাছমৰিয়াৰ দুয়োৰে প্ৰতি সন্দেহ হয়। এনে পৰিস্থিতিৰ মাজত মাছমৰিয়াই নাৱৰ তলতৰ ফালে জালিৰে মাছ মৰাৰ ভাও কৰাত উদ্ধাৰ হয় আলমৰ মৃত্যুদেহ। ফলত মাছমৰিয়াই দুয়োকে আটক কৰে।

ঘটনাৰ খবৰ চৌদিশে বিয়পি পৰাত স্থানীয় ৰাইজৰ ভীৰ হয় আৰু উত্তেজিত ৰাইজে হত্যাকাৰী দুজনক উত্তম মাধ্যম দিয়ে। গণ প্ৰহাৰত দুয়ো অসুস্থ হৈ পৰে। ইফালে ঘটনা সম্পৰ্কে মেঘলায় আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ফুলবাৰী আৰক্ষীৰ দল উপস্থিত হৈ অভিযুক্ত হত্যাকাৰী দুজনক ৰাইজৰ পৰা উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰাই।

মন কৰিবলগীয়া যে অসম মেঘলায় সীমান্তবৰ্তী চুবুৰীয়া গাঁৱৰ দুই বন্ধুৰ মাজত মাত্ৰ ৯০০ টকাৰ ঋণক লৈ চলা কাজিয়া হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাক লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। যুৱক জনক এইদৰে হত্যা কৰা ঘটনাক লৈ পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে ছফিয়াল হক, মালু শেখৰ লগতে আন কেবাজন এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে । তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে যদিও আৰক্ষীৰ হাতত সকলো তথ্য মজুত থকা বুলি জনা গৈছে। ঘটনাক লৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।