হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৪ জানুৱাৰীঃ শুকুৰবাৰৰ নিশা মানকাচৰৰ ভাটিৰগ্ৰামৰ পৰা মানকাচৰ থানাৰ আৰক্ষী আৰু ৬ নং বি এছ এফৰ দল যুটীয়া অভিযান। অভিযানত এজন লোকৰ ঘৰৰ পৰা য়াভা নামৰ নিচাজাতীয় দ্ৰব্যৰ ৫৪০০ টা জব্দ কৰে ।

ইয়াৰোপৰি ঘৰটোৰ পৰা নগদ ভাৰতীয় মুদ্ৰা ১, ৪৪০০০ হাজাৰ টকা উদ্বাৰ কৰিবলৈ সক্ষম হয়।

বি এছ এফৰ সূত্ৰই জানিব দিয়া অনুসৰি অভিযানৰ সম্ভেদ লাভ কৰাত ঘৰটোত কোনো লোক উপস্থিত নাছিল।

ইফালে উদ্ধাৰ হোৱা নিচা জাতীয় টেবলেট সহ নগদ ধন মানকাচৰ আৰক্ষীক গতাই দি এই সন্দৰ্ভত এখন গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ।