দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কাকৰিপাৰাত মঙলবাৰে দিনৰ প্ৰায় 1 বজাত মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত এজন কিশোৰ।

উল্লেখযোগ্য যে, ছটিমাৰী গাঁৱৰ ফকিৰচান্দ নামৰ লোক এজনৰ ১১ বছৰীয়া পুত্ৰ মিলন মিয়া মানকাচৰৰ কাকৰিপাৰা পথৰ কাষত বহি থকা অৱস্থাত মাটি কঢ়িওৱা ট্ৰেক্টৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই কিশোৰটোক মহতিয়াই নিয়ে। নিয়ন্ত্ৰণ হেৰুৱা ট্ৰেক্টৰখন কিশোৰ জনক মহতিয়াই পথৰ ওপৰতে বাগৰি পৰে। স্থানীয় ৰাইজে লগে লগে কিশোৰটোক মানকাচৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে কিশোৰজনক মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনাত এইদৰে অঞ্চলটোৰ কিশোৰ এটাৰ অকালতে মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

সম্প্ৰতি আৰক্ষীয়ে ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে নিহত কিশোৰটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।