মধ্য যুগৰ ডিমৰীয়া আৰু অন্যান্য স্বাধীন ৰজা সকলৰ দিনত মাল যুঁজে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু প্ৰতি ৰাজ্যতে মাল যুঁজৰ চৰ্চ্চা আৰু মালযুঁজৰ আৰাধ্য দেৱতাক পূজা কৰা ৰীতিয়ে কালক্ৰমত মাল গোঁসাই পূজাৰ ৰূপ গ্ৰহণ কৰে। সততে যুদ্ধ বিগ্ৰহত লিপ্ত থাকিব লগীয়া ৰজা সকলে শিৱ আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰিছিল। সেয়েহে মাল গোঁসাই পূজাত শিৱৰ উগ্ৰ প্ৰচণ্ড ৰূপ মহা মালেশ্বৰ আৰু দেৱী মহামায়াক আৰাধনা কৰা হয়। মধ্য যুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহৰে নিৰ্মান কৰা হয় এখন চাঙী। তান্ত্ৰিক মন্ত্ৰৰে এই চাঙীক আলৌকিকতা প্ৰদান কৰা হয়। পাছত চাৰি জন বলিষ্ঠ ডেকাই চাঙী দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চলত জুই-পানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে। ডিমৰীয়াৰ পঞ্চ দেৱতা কেইজনৰ ভিতৰত মাল গোঁসাই অন্যতম। এই মাল গোঁসাই দুজন — ডেকা বা গৰখীয়া মাল আৰু বুঢ়া মাল। ডেকা বা গৰখীয়া মাল প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ বিপৰিতে বুঢ়া মাল প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা হয়। ৰজাদিনীয়া এই ঐতিহাসিক পূজা আজিও পৰম্পৰাগত সংস্কৃতি ৰূপে প্ৰাণৱন্ত হৈ জীয়াই আছে খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূত অংশগ্ৰহণৰ জৰিয়তে। মাল গোঁসাই পূজাৰ ভেটিত ডিমৰীয়াৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি উঠিছে ঐক্য আৰু সংস্কিতিৰ মহামিলন।