আব্দুল হকৰ প্ৰতিবেদন

নগৰবেৰা

২২ নৱেম্বৰ

কামৰূপ জিলাৰ নগৰবেৰাত দিন দুপৰতে ডকাইতি কাণ্ড। মাৰনাস্ত্ৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে ৩ লাখ ৫০ হাজাৰ টকা।আনোৱাৰ হুছেইন নামৰ ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে লুটি নিলে এই বৃহৎ ধন। বিগত দুনদিনত ৰাজ্যত সংঘটিত হৈছে কেইবাটাও ডকাইতি কাণ্ড।

কামৰূপ জিলাৰ নগৰবেৰাৰ মালঞ্চা পকী দলঙৰ ওপৰত দেওবাৰে পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। নগৰবেৰা ভখুৰাদিয়াৰ পৰা আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যৱসায়ী এছ-১৫-ই-৫৭৮৪ নম্বৰৰ মটৰ চাইকেলৰ বৰপেটা অভিমুখে গৈ থকা অৱস্থাত কলা ৰঙৰ নম্বৰপ্লেট বিহীন পালছাৰ বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে আনোৱাৰ হুছেইনক আগচি ধৰি পিষ্টল, খুকুৰী দেখুৱাই ব্যৱসায়ী জনৰ পৰা প্ৰায় ৩ লাখ ৫০ হাজাৰ টকা লুটি নিয়ে। ডকাইতৰ দলটোৱে ব্যৱসায়ী জনৰ বাইকৰ চাবিপাতো লৈ যায়। দিন দুপৰতে ৰাজপথত সংঘটিত এই ডকাইতি কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে নগৰবেৰা থানাত অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, উক্ত স্থানত ইয়াৰ পূৰ্বেও একাধিকবাৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল। ডকাইতি কাণ্ডত জড়িত থকা সকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, বিগত দুদিনধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত ডকাইতি কাণ্ড সংঘটিত হৈছে। শুকুৰবাৰে নলবাৰী জিলাৰ পাঞ্জাৱ নেশ্যনল বেংকৰ অমিয়াপুৰ শাখাত সংঘটিত হৈছল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। চাৰিজনীয়া ডকাইতৰ দলে বেংকত গুলী ফুটাই ৬০ লাখ টকা লুটি নিছিল। ডকাইতৰ দলটোৰ গুলীত নয়ন দাস নামৰ এখন লোক অহাত হোৱা বুলিও জানিব পৰা গৈছিল। ইফালে নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজানত ইলিয়াছ ৰহমত উল্লাহ নামৰ এজন যুৱকৰ ওপৰত গুলী চালনা কৰি ডকাইতৰ দলে ৭ লাখ ৫০ হাজাৰ টকা লুটি নিছিল।