মাৰ্ঘেৰিটা, সংবাদ ৩৬৫, ১৫ মেঃ মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত ৩৫ সংখ্যক বহাগী উৎসৱ মঙলবাৰৰ পৰা মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উজনি অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠতম বিহু সন্মিলন হিচাপে পৰিচিত প্ৰায় ৬০ লক্ষাধিক টকা বাজেটৰ বিহু সন্মিলন খনিৰ প্ৰথম দিনাৰ অনুষ্ঠান অনুসৰি মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সন্মুখত হাতী লৈ উলিওৱা শোভাযাত্ৰাটিত বিহু হুচৰি,গায়ন বায়নৰ লগতে হাজং, আদিবাসী, মিচিং, নেপালী, চিংফৌ, ভোজপুৰী, বড়ো, চেমা টাংচা, টাইফাকে, দেউৰী, ইছলামধৰ্মীৰ   সাংস্কৃতিক দলৰ লগতে শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল, কামৰুপীয়া ঢুলীয়া, ছাৰ্কাছৰ দল আৰু কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰি সমন্বয়ৰ অসম খনক প্ৰতিফলিত কৰে। শোভাযাত্ৰা অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু অসম চৰকাৰৰ সদস্য, সচিব, ৰাজ্যিক উপদেষ্টা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণৰ লক্ষ্য কোঁৱৰৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই। প্ৰায় ১২ কিলোমিটাৰ পথ সামৰি পৰিভ্ৰমণ কৰা শোভাযাত্ৰাটো উপভোগ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত কেইবা হাজাৰ লোক লোক সমবেত হয়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে সভাপতি তথা মহকুমাধিপতি সুমিত সত্তাৱনে, স্মৃতি তৰ্পণ কৰে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধক যুগল কুমাৰ বৰাই। আকৰ্ষণীয় পুৰস্কাৰ নগদ ধনৰ পুৰস্কাৰৰে হুচৰি বৰবিহুৱতী বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হব লগীয়া সন্মিলনখনৰ সাংস্কৃতিক সন্ধিয়াত প্ৰিয়ংকা ভৰালীৰ লগতে আচুৰ্য বৰপাত্ৰ গোঁহাই লগতে ভাৰতৰ সংগীত জগতৰ অন্যতম ভোটাতৰা সদৃশ বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ চানুৱে সংগীত পৰিবেশন কৰিব। মুকলি সভা আৰু বটাঁ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাবিক বুলি জানিব পৰা গৈছে।