গুৱাহাটী, সংবাদ ৩৬৫, ২এপ্ৰিল : ধাৰাসাৰ বৰষুণকো নেওচি বশিষ্ঠ চাৰিআলিৰ ট্ৰেফিক পইন্টত কৰ্তব্য পালন কৰা আৰক্ষী কনিষ্টবল মিথুন দাস সম্বৰ্ধনা আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।
উল্লেখ্য যে ধাৰাসাৰ বৰষুণকো আওকাণ কৰি বশিষ্ঠ চাৰিআলিৰ ট্ৰেফিক পইন্টত কৰ্তব্য পালন কৰিছিল মিথুন দাসে। বৰষুণকো আওকাণ কৰি কৰ্তব্য পালন কৰি থকা সেই বিশেষ দৃশ্য বন্দী হৈছিল কোনো লোকৰ কেমেৰাত। তাৰ পিছতে সেই দৃশ্য ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত।
কিছুদিন পূৰ্বে মাটি কঢ়িওৱা এখন ডাম্পাৰে যান-বাহন বশিষ্ঠ চাৰিআলিৰ ট্ৰেফিক পইণ্টতো ভাঙি পেলাইছিল। তেতিয়াৰ পৰা ৰ’দে – বৰষুণে এনেদৰে কৰ্তব্যত নিয়োজিত হৈ আছে যান-বাহন আৰক্ষীসকল ।