মিৰ্জা, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰী: ৰাজ্যত নিতৌ সংঘটিত হৈ থকা পথদুৰ্ঘটনাত বহু লোক ঘুণীয়া হোৱাৰ লগতে বহু লোকে হেৰুৱালগীয়া হয় নিজৰ আপোন জনক। বিভিন্ন সময়ত বাহন চালকৰ এটা সৰু ভুলৰ বাবে সংঘটিত হয় ভয়াবহ পথদুৰ্ঘটনা।

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত ৰন্ধন গেছৰ বটলিং প্লান্তৰ ট্ৰাক চালক সকলৰ ওৰেটো বহু সময়ত অভিযোগ উত্থাপিত হৈ আহিছিল যান-বাহন নীতি-নিয়ম নজনাকৈ ট্ৰাক চলোৱাৰ। ট্ৰাক চালক সকলক যান-বাহন নীতি-নিয়ম সন্দৰ্ভত অৱগত কৰোৱাৰ লগতে কিদৰে পথত গাড়ী চলাব লাগে সেই সন্দৰ্ভত মিৰ্জা বটলিং প্লান্তত বুধবাৰৰ পৰা অনুস্থিত হয় ৩দিনীয়া সজাগতা প্ৰশিক্ষণ। এই প্ৰশিক্ষণত বটলিং প্লান্তৰ বাহন চলোৱা চালক সকলক যান-বাহনৰ নীতি-নিয়মৰ বিষয়ে বিস্তৃত ভাবে অৱগত কৰোৱাৰ হয়। শুকুৰবাৰে প্ৰশিক্ষণৰ অন্তিম দিনা কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাস উপস্থিত হৈ চালক সকলক প্ৰশিক্ষণ দিয়াৰ সমান্তৰালে গাড়ী চলাওঁতে যান-বাহন আইন মানি চলিবলৈ নিৰ্দেশ দিয়ে।

প্ৰশিক্ষণৰ অন্তত চালক সকলক প্ৰদান কৰা বুকলেটত চলক সকলে নিজৰ পৰিয়ালৰ ফটো ডেস্কবৰ্ডত লগাই থবলৈ আহ্বান জনোৱা হয়। বাহন চলাই থকা সময়ত পৰিয়ালৰ ফটো চালক সকলৰ সন্মুখত থাকিলে গাড়ী তীব্ৰ বেগেৰে অথবা সুৰাপান কৰি চলাওঁতে চলক সকলৰ নিজৰ ঘৰখনৰ কথা মনত পৰে।