মিৰ্জা, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: অস্কাৰৰ দৌৰত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’। কিন্তু অৰ্থৰ অভাৱত যেন কিছূ থমকি ৰ’বলগীয়া হৈছে ভিলেজ ৰকষ্টাৰ ছবিখনে। দেওবাৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ভিলেজ ৰকষ্টাৰ ছবিখনক সহায় কৰাৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা আয়োজন কৰে । মিৰ্জাস্থিত শ্বহীদ ভৱনত অনুস্থিত হোৱা এই ৰাজহুৱা সভাত বিভিন্ন অনুস্থান-প্ৰতিষ্ঠানৰ পৰা অহা বহু লোক উপস্থিত থাকি এই ৰাজহুৱা সভাত বহু কেইগৰাকী লোকে ৰীমা দাসৰ এই ভিলেজ ৰকষ্টাৰ ছবিখনৰ বাবে দেওবাৰে সহায়ৰ হাত আগবঢ়াই । আনহাতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই দেওবাৰৰ পৰা আৰম্ভ কৰা এই অভিযানত সকলোকে আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়।