গুৱাহাটী, সংবাদ ৩৬৫, ১১ মাৰ্চ: ভাৰতত পােনপ্ৰথমবাৰৰ বাবে আয়ােজিত বিশ্বৰ সৰ্ববৃহৎ নাট মহােৎসৱ ‘থিয়েটাৰ অলিম্পিছ’ৰ অষ্টম সংস্কৰণৰ গুৱাহাটী খণ্ডটো দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী নৱ কুমাৰ দলে, পদ্মভূষণ জাহ্নু বৰুৱা আৰু পদ্মশ্রী নৃত্যাচাৰ্য্য যতীন গােস্বামীও উপস্থিত থাকে। গুৱাহাটীত এই পােন্ধৰদিনীয়া কাৰ্যসূচীৰ মাজেৰে ১৫খন নাট মঞ্চস্থ কৰা হ’ব, য’ত থাকিব আঞ্চলিক, আন্তঃৰাষ্ট্ৰীয় আৰু ইংৰাজী ভাষাৰ নাটৰ লগতে লােককলাৰ প্রযােজনা। আটাইকেইখন নাটেই মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব উল্লেখ্য যে বিভাস চক্ৰৱৰ্তী পৰিচালিত নাট ৰাজ ৰক্তৰ যােগেদি গুৱাহাটী সংস্কৰণটো আৰম্ভ হয়। এই পােন্ধৰদিনীয়া নাট মহােৎসৱত দেখা যাব নেপালৰ জিউদো আকাশ, নেপালৰ এন্টিগ’ন, ব্রাজিলৰ জেইল হাউচৰ দৰে বিশ্বপ্রসিদ্ধ নাট। এই নাট মহােৎসৱত মঞ্চস্থ হ’ব পাচখন বিশেষভাৱে আমন্ত্রিত নাট ক্ৰমে বিভাস চক্ৰৱৰ্তীৰ ৰাজ ৰক্ত, ব্যোমকেশ শুক্লাৰ পঞ্চম, অনঘ দেশপাণ্ডেৰ স্বপ্নবাসদত্তম, দেবাশীষ মজুমদাৰৰ বিজয়ন্তিকা আৰু উর্মিল কে থাপালিয়ালৰঔৰত কী জং। এই নাট মহােৎসৱত মঞ্চস্থ হ’ব কর্ণাটকৰ পূৰ্বোত্তৰ অংশৰ পৰা অহা দোদ্দাতা ৰূপত উপস্থাপিত লােককলা বিষয়ক নাট দক্ষ ব্রাহ্মণ বাধে। মঞ্চস্থ হ’বলগীয়া আন আন নাটসমূহ ক্রমে মেহমুদ আলমৰ চফনামা, অ’ভলিয়াকুলি খােদজাকুলিৰ টু কিল অৰ নট টু কিল, সন্দীপ ভট্টাচার্যৰ সন্তাপ, সুভাষ চন্দ্র প্রধানৰ লাল পায়েন এবং আৰু প্রকাশ ভট্টাচার্যৰ আর্চি। উল্লেখ্য যে, এই অষ্টম থিয়েটাৰ অলিম্পিছ অনুষ্ঠিত হৈছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ সৌজন্যত আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত। এই অলিম্পিছৰ ৫১ দিনীয়া বর্ণিল যাত্ৰাৰ সামৰণি পৰিব অহা ৮ এপ্রিলত, মুম্বাইত।