গুৱাহাটী

২৯ নৱেম্বৰ

মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসম উন্নয়নৰ দিশত আগুৱাই যাবলৈ বিশেষ ভাৱে সক্ষম হৈছে। ৰাষ্ট্ৰীয় আলোচনী ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষ স্থান লাভ কৰিছে অসমে।

সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমে ২০১৮, ২০১৯ আৰু ২০২০ বৰ্ষত একেৰাহে সবাতোকৈ উন্নীত ৰাজ্য হিচাপে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দেশৰ আগশাৰীৰ আলোচনী ‘ইণ্ডিয়া টুডে’ৰ বাৰ্ষিক ‘ষ্টেট অফ দা ষ্টেটছ’ৰ সমীক্ষাত দেশৰ ভিতৰতে সবাতোকৈ উন্নীত বৃহৎ ৰাজ্যৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে অসমে। ‘ইণ্ডিয়া টুডে’ৰ ‘ষ্টেট অফ দ্য ষ্টেটছ-২০২০’ৰ সমীক্ষাত দেশৰ ৰাজ্যসমূহক বিভিন্ন দিশত মূল্যায়ন কৰি তালিকাত প্ৰস্তুত কৰা হৈছিল। ‘ইণ্ডিয়া টুডে’ৰ হৈ এই সমীক্ষাটো চলাইছিল দিল্লীৰ ‘মাৰ্কেটিং এণ্ড ডেভলপমেন্ট ৰিচাৰ্ছ এছ’চিয়েটছ নামৰ গৱেষণা প্ৰতিষ্ঠানে। এই সমীক্ষাত দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত সবাতোকৈ উন্নীত ৰাজ্যৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে অসমে। অসমে সমীক্ষাত ২০০০ পইন্টৰ ভিতৰত ১,২২২.৩ পইন্ট লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে আলোচনীখনৰ সমীক্ষাত কৰ’ণা মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰে মোকাবিলাৰ ক্ষেত্ৰত উত্তম ব্যৱস্থাপনা কৰা বৃহৎ ৰাজ্যৰ শীৰ্ষস্থানতো দখল কৰিছে অসমে। এই শিতানৰ সমীক্ষাত অসমে ১০০ পইণ্টৰ ভিতৰত ৭৪.২ পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে। আনহাতে দেশৰ সবাতোকৈ উন্নীত সৰু ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰে। এই একেটা শিতানতে দ্বিতীয় স্থান লাভ কৰিছে উত্তৰ পূৱৰ মেঘালয়ে। আনহাতে কৰ’ণা মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰে মোকাবিলাৰ ক্ষেত্রত উত্তম ব্যৱস্থাপনা কৰা সৰু ৰাজ্যসমূহৰ তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে উত্তৰ পূৱৰে অন্য এখন ৰাজ্য অৰুণাচল প্ৰদেশে।

দেশৰ সবাতোকৈ উন্নীত বৃহৎ ৰাজ্যৰ তালিকাত অসমে শীৰ্ষ স্থান দখল কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰক ৰাজ্যিক বিজেপিৰ লগতে বিভিন্নজনে অভিনন্দন জনাইছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্র জানকী দেৱী খাউণ্ডে কয় যে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমে বিকাশৰ নতুন গতি লাভ কৰিছে। ২০১৬ চনত মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই সৰ্বানন্দ সোণোৱালে অসমক দেশৰ প্ৰথম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু সেইদৰেই কৰ্মপন্থা হাতত লৈছিল। ইণ্ডিয়া টুডেৰ সমীক্ষাই অসমৰ বিকাশৰ দিশটোক দাঙি ধৰিলে।