গুৱাহাটী

২০ আগষ্ট

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দাহ কৰা হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি। হাতীগাঁৱত আমছুৰ কৰ্মকর্তা সকলে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন কেলেংকাৰীৰ তদন্তৰ দাবী জনাই দাহ কৰিলে প্ৰতিমূৰ্তি।

ৰাজ্যত সংঘটিত হোৱা সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ বিয়াগোম কেলেংকাৰীৰ তদন্তৰ দাবীত ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ। আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে আমছুৰ কৰ্মকর্তা সকলে সাব্যস্ত কৰে প্ৰতিবাদ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ হাতীগাঁৱত আমছুৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ কৰ্মকর্তা সকলে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন কেলেংকাৰীৰ তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহ কৰে। আমছুৰ গুৱাহাটীৰ মহানগৰ জিলা সমিতিৰ নেতা মিন্নাটুল ইছলামে কয় সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ আমি দীৰ্ঘদিন ধৰি উত্থাপিত কৰি আহিছো আৰু এতিয়া কেলেংকাৰীৰ লগত জড়িত কেইবাজনো ব্যক্তি আৰক্ষীৰ জালত পৰাৰ পিছতো চৰকাৰে এই ক্ষেত্ৰত যিদৰে তদন্ত কৰিব লাগিছিল সেইদৰে তদন্ত কৰা নাই। ৰাজ্যত সংখ্যালঘু ছত্ৰবৃত্তি ধনৰ ৫০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱা বুলি সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ গৰাকীয়েও স্বীকাৰ কৰিছে কিন্তু এই কেলেংকাৰীৰ তদন্ত সঠিকভাৱে হোৱা পৰিলক্ষিত হোৱা নাই বুলিও মন্তব্য কৰি মিন্নাটুল ইছলামে কয় সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ তদন্ত ৰাজহুৱা কৰিব লাগে। ছত্ৰবৃত্তিৰ এই বিয়াগোম কেলেংকাৰীত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিদ্যালয়ৰ কৰ্তৃপক্ষ, একাংশ চৰকাৰী বিষয়ৰ লগতে বেংক বিষয়া জড়িত থকাৰ অভিযোগো উথাপন কৰে।

আমছুৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ নেতা গৰাকীয়ে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ কেলেংকাৰীৰ উচিত তদন্তৰ দাবী জনাই কয় মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কলেই নহ’ব, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কঠোৰ হ’ব লাগিব। মুখ্যমন্ত্ৰীয়ে ছাত্ৰবৃত্তিৰ ধনৰ কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিব লাগে বুলিও দাবী জনায় আমছুৱে।