গুৱাহাটী
১৭ অক্টোবৰ

সোণোৱাল চৰকাৰৰ কাৰ্যকালৰ বৃহৎ নিযুক্তি কেলেংকাৰী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক্ষিপ্ৰতাৰে আগুৱাই থকাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীয়ে হাত দিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি কেলেংকাৰীত। দুবছৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিকলৈ বিভিন্ন সময়ত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈ আছিল। অভিযোগ উত্থাপিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি অৱলম্বন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীৰ অভিযোগৰ সত্যতা বিচাৰি আৰক্ষী নামিল তদন্তত।

অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰী তদন্ত চলাই শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিলে ৰাজীৱ পৰাশৰ নামৰ এজন বিজেপি কর্মীক। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই মহানগৰী গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ অনিল প্লাজাত অভিযান চলাই ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰে। অপৰাধ নিয়ন্ত্ৰণ শাখাৰ দলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীত অভিযুক্ত বিজেপি কর্মী ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজীৱ পৰাশৰৰ ছায়মাইলত থকা বাসগৃহত অভিযান চলাই বহু অপত্তিজনক নথিপত্ৰৰ লগতে ৰাজীৱ পৰাশৰৰ লেপটপ জব্দ কৰে।

উল্লেখ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীয়ে তোলপাৰ লগাই থকাৰ মাজতে চৰ্চা চলিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীৰ। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি অৱলম্বন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত যিদৰে ক্ষিপ্ৰতাৰে তদন্ত ঘোষণা কৰি এই কেলংকাৰীৰ লগত জড়িত এটাৰ পিছত আনটো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঠিক অনুৰূপ ধৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সচেতন মহলে আশা কৰিছে।