বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৪ মেঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শাসকীয় মিত্ৰ দল বিজেপিক আক্ৰমন কৰি মন্তব্য প্ৰকাশ কৰিছে যে বিজেপিৰ দুই এজন নেতাই এৱছুৰ লগত মিলিত হৈ বিপিএফক নিঃশেষ কৰাৰ যড়যন্ত্ৰ ৰচনা কৰিছে৷ শুক্ৰবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰে যে বিগত তিনিদিন ধৰি পৃথক বড়োলেণ্ডৰ দাবীত এৱছুৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থকাৰ পিচতো প্ৰশাসন কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি নীৰৱ হৈ আছে। বিজেপিৰ দুই এজন নেতাৰ উচতনিতে এৱছুৱে এনেদৰে পথ অৱৰোধ কৰিবলৈ সাহস পাইছে৷ এৱছুৰ সলনি আন কোনো সংগঠনে পথ অৱৰোধ কৰিলে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে কিন্তু এৱছুৰ ক্ষেত্ৰত প্ৰশাসন নীৰৱ হৈ থাকে বুলিও হাগ্ৰামাই অভিযোগ তোলে। শাসকীয় মিত্ৰ দলটোৰ প্ৰতি আক্ৰমনাত্মক হৈ মহিলাৰীয়ে কয় বিজেপিয়ে এৱছুৰ সৈতে লগলাগি বিপিএফক নিঃশেষ কৰাৰ যড়যন্ত্ৰ কৰিছে যদিও বিটিচিত বিজেপিয়ে বিপিএফৰ একো ক্ষতি কৰিব নোৱাৰে ৷