গুৱাহাটী

১৫ অক্টোবৰ

মুছলমান মানেই মোগল নহয়। অসমীয়া জাতিৰ ওপৰত নিৰন্তৰ আঘাত হানি থকাসকলহে মোগল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোনালে অসমত মোগলৰ আক্ৰমণ অব্যাহত থকা বুলি দিয়া এটা মন্তব্য ব্যাপকভাৱে চৰ্চিত হৈ থকাৰ সময়তে বিজেপি নেতা তথা অসম সংখ্যালঘু উন্নয়ণ ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালে শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কয় যে কংগ্ৰেছ¸ এআইইউডিএফ¸ বাওঁপন্থী দল আৰু একাংশ ব্যক্তিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্যত ধৰ্মীয় ৰহণ সনাৰ চেষ্টা চলাই আছে। এই সকল লোকৰ লক্ষ্য ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশী মূলৰ মুছলমানৰ ভোট গোটোৱা।

মুখ্যমন্ত্ৰীয়ে মোগল শব্দ ব্যৱহাৰৰ জৰিয়তে সেইসকল লোকৰ কথা কৈছে যিসকলে অসমৰ ভাষা¸ কৃষ্টি-সংস্কৃতি¸ ঐতিহ্য-পৰম্পৰাত নিৰন্তৰ আঘাত হানিছে। খিলঞ্জীয়া অসমীয়াক আগ্ৰাসীৰূপত আক্ৰমণ কৰিছে। অবৈধভাৱে অসমত প্ৰৱেশ কৰি সত্ৰ¸ ৰাষ্ট্ৰীয় উদ্যান¸ জনজাতীয় খণ্ড-আবেষ্টনীৰ মাটি বেদখল কৰিছে। আনহাতে এই আগ্ৰাসনত পৃষ্ঠপোষকতা কৰাসকলো মোগলৰেই বংশধৰ। অসমৰ মানুহে নজনাকৈ অসম চুক্তি কৰি ৫৫ লাখৰো অধিক অবৈধ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানেৰে জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও মোগলৰ শাৰীতে পৰে। আৱালে কয় যে ভাষা¸ কৃষ্টি পৰম্পৰাৰ বিপৰীতে গৈ লেবাহতীয়া (বাওঁপন্থী) চিন্তা-চৰ্চাৰে অসমত নতুন ধাৰাৰ সৃষ্টি কৰিব বিচৰাসকলো মোগল। মোগল মানেই মুছলমান নহয় বুলি দৃঢ়তাৰে মন্তব্য কৰি বিজেপি নেতাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সোণোৱালে মোগল বুলি মুছলমানসকলকে বুজাব বিচৰা বুলি একাংশই ৰাজনৈতিক উদ্দেশ্যৰে ধাৰণা দিব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো জাতি¸ ধৰ্ম¸ সম্প্ৰদায়ৰ পৰিৱৰ্তে অসমৰ কৃষ্টি-সংস্কৃতিৰ বিৰুদ্ধে ফন্দি পতাসকলকহে মোগল বুলি ক’ব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌৰৱ গগৈ¸ বদৰুদ্দিন আজমল¸ ৰকিবুল হুছেইন¸ ৰিপুন বৰা আৰু কৃষক নেতাও মোগল হ’ব পাৰে। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী¸ পাহাৰ-ভৈয়াম¸ বৰাক-ব্ৰহ্মপুত্ৰৰ খিলঞ্জীয়া লোকসকলৰ মাজত সমন্বয় গঢ় দি শক্তি আহৰণেৰে অসমীয়া জাতিসত্ত্বাত আঘাত হনা এই মোগলৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে যুঁজ দিয়াৰ বাবেহে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। আৱালে কয় যে মোগলৰ বিৰুদ্ধে বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকীয়ে লাচিতৰ লগত যুদ্ধ কৰিছিল¸ লাচিতৰ দেহৰক্ষীও আছিল মুছলমান। স্বাধীনতা আন্দোলন¸ ভাষা আন্দোলন¸ বিদেশী বহিষ্কাৰ আন্দোলনতো গৰিয়া¸ মৰিয়া¸ দেশীকে ধৰি খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৰিহণা আছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মোগল বুলি কোৱা নাই। পূৰ্ববংগীয় মুছলমানৰ লগত তেওঁলোকৰ সম্বন্ধ আগতেও নাছিল¸ এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকে। নাম নোলোৱাকৈ আজমলক লক্ষ্য কৰি আৱালে লগতে কয় যে অসম সাহিত্য সভাক কেইটামান কম্পিউটাৰ দি কিনি লোৱাৰ মানসিকতাৰে কুৱেইটৰপৰা কলহ সংস্কৃতি¸ আৰৱীয় সংস্কৃতি আনি অসমত প্ৰৱৰ্তন কৰিব বিচৰাসকলে খিলঞ্জীয়া মুছলমানসকলৰ পূৰ্বপুৰুষসকল তেওঁলোকৰহে পূৰ্বপুৰুষ বুলি দাবী কৰে। এই দাবী প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোক উঠিপৰি লাগিছে। এনে ষড়যন্ত্ৰ জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে সকলো খিলঞ্জীয়া অসমীয়াই ঐক্যবদ্ধভাৱে প্ৰতিহত কৰিব লাগিব। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সোণোৱালক সহযোগিতা আগবঢ়াব লাগিব। মোগলৰ লগতে মাদ্ৰাছাৰ প্ৰসংগক লৈ কংগ্ৰেছ¸ এআইইউডিএফ আৰু বাওঁ দলসমূহে যি ধৰ্মীয় মেৰুকৰণৰ প্ৰচেষ্টা চলাইছে সেয়া বিফল কৰিব লাগিব।

মাদ্ৰাছাৰ প্ৰসংগত আৱালে কয় যে মাদ্ৰাছা বুলি ক’লে যাক বুজা যায় চৰকাৰে সেইবোৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাই। ইয়াক লৈ অপপ্ৰচাৰহে চলোৱা হৈছে। মাদ্ৰাছাৰ লেবেল লগাই চলাই থকা স্কুলসমূহহে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব। কেইবছৰমান পূৰ্বে বহু চৰকাৰী মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল বা একত্ৰীকৰণ কৰা হৈছিল। একেই বিষয় হোৱা সত্ত্বেও তেতিয়া সেয়া চৰ্চা হোৱা নাছিল। কিন্তু মাদ্ৰাছাৰ লেবেল থকা স্কুল বন্ধ কৰিব ওলোৱাত এতিয়া একাংশই ইয়াত ধৰ্মীয় ৰহণ সানিব বিচাৰাটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। অসমত চুবুৰীয়ে চুবুৰীয়ে ৰঘুমলাৰ দৰে গঢ়ি উঠা মাদ্ৰাছাসমূহক চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে বুলি আৱালে মন্তব্য কৰে। আনহাতে বাহিৰৰ এনজিঅ’ৰ পৰা মাদ্ৰাছাসমূহলৈ অহা ধন ক’ত ব্যয় হৈছে সেয়াও ৰাজ্য চৰকাৰে চাব লাগে বুলি আৱালে মন্তব্য কৰে।