মুম্বাই, সংবাদ ৩৬৫, ২৮ মাৰ্চ: মুম্বাইৰ ছত্ৰপতি শিৱাজী বাস্তু সংগ্ৰহালয়ত ২৬ মাৰ্চৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে৷ দেশৰ ভিন্ন ৰাজ্যৰ ৩৮গৰাকী শিল্পীৰ ৯৮টি শিল্পকৰ্ম ইয়াত প্ৰদৰ্শিত হৈছে৷ প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী প্ৰভাকৰ কোল্টে, লগতে বিশিষ্ট শিল্পী বিলাস সিন্দে উপস্থিত থাকে। ভালেমান শিল্পী আৰু শিল্প অনুৰাগীয়ে উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। প্ৰদৰ্শনীখনৰ শিল্পকৰ্ম আৰু আৰু শিল্পীসকলৰ উপস্হিতিয়ে কলা ৰসিকক অসম তথা উত্তৰ-পূবৰ সমসাময়িক কলাৰ উমান দিয়াৰ লগতে এই অঞ্চলৰ একক বৈচিত্ৰ্যৰ প্ৰতিও আকৰ্ষণ কৰা দেখা গৈছে। প্ৰদৰ্শনীখনৰ কাইলৈ সামৰণি পৰিব। উত্তৰ-পূবৰ ২৯গৰাকী শিল্পীৰ ভিতৰত অসমৰ অদিতি চক্ৰবৰ্তী, একাৰ্ণৱ গোস্বামী, আমিনুল হক, অনুপ কুমাৰ শৰ্মা, অতুল চন্দ্ৰ বৰুৱা, ভুপেন চক্ৰবৰ্তী, বিক্ৰমাদিত্য চৌধুৰী, চম্পক বৰবৰা, দিতিমনি দাস মহন্ত, দিপালী মহন্ত কায়ল, গৌতম কুমাৰ গোস্বামী, হেলা দাস, হেমন্ত কুমাৰ চাহু, জয়া বড়ো, জয়দীপ ভট্টাচাৰ্য, কমল কুমাৰ মহন্ত, মনিকা দেৱী, মনোজ চক্ৰবৰ্তী, মৃনাল কুমাৰ নায়ক, পৰিক্ষিত বৰুৱা, পৰিণীতা বুজৰবৰুৱা, প্ৰবীন কুমাৰ নাথ, চালেহা আহমেদ, সঞ্চিতা গগৈ, শ্যামলী চলিহা, সুজাতা ভৌমিকৰ চিত্ৰ প্ৰদৰ্শিত হৈছে৷