মুৰফুলনি পৰা গৌতম শইকীয়া, ২১ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চল লৈ ওলাই আহি বনৰীয়া হাতীয়ে উপদ্ৰৱ সৃষ্টি কৰিছে। বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত তাহিলং কৰিছে কৃষিজীৱী ৰাইজৰ পথাৰৰ ধান। বনৰীয়া হাতীৰ উপদ্ৰৱত কৃষিজীৱি ৰাইজে দেহাৰ ঘাম মাটিত পেলাই ছমাহৰ মূৰত সোণগুটি চপাবলৈ গৈ মূৰে কপালে হাত দিব লগা হৈছে। গোলাঘাট জিলাৰ মুৰফুলনিত বুধবাৰে নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে বিস্তৃত অঞ্চলজুৰি উপদ্ৰৱ চলায়। ফুলবাৰী, ফলঙনি (কৰতিপাৰা), নাহৰবাৰী অঞ্চলৰ বাসিন্দাক ত্ৰাহি মধূসুদন দেখুৱাই হাতীটোৱে। পুৱা ৫ মান বজাত ৩ নং ফলঙনিৰ অনন্ত হাজৰিকা নামৰ ব্যক্তিজনৰ বাগানত শ্ৰমিক থকা এটা বাসগৃহ সম্পুৰ্ণৰূপে তহিলং কৰি যায় হাতীটোৱে। জানিব পৰা মতে ঘৰটোত থকা শ্ৰমিকসকল নিদ্ৰাৰত অৱস্থাত থাকোতেই ঘৰ ভাঙি চাউল, ভাত খাই ঘৰটো সম্পূৰ্ণৰূপে মোহাৰি থৈ যায় বনৰীয়া হাটীটোৱে। হাতীৰ আক্ৰমণত কোনোমতে প্ৰাণ ৰক্ষা পৰে শ্ৰমিকসকলৰ লগতে কেইবাটাও শিশুৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে ৰাজ্যত বৃহৎ বন বিভাগ থকাৰ পিছটো বনকৰ্মীসকলৰ আহৰি নাই হাতীৰ উপদ্ৰৱত দিন অতিবাহিত কৰা দুৰ্ভগীয়া ৰাইজসকলৰ খবৰ লবলৈ। হাতীৰ আক্ৰমণৰ খবৰ দিয়াৰ পিছতো বনকর্মীসকলে বিভিন্ন অজুহাত দেখুৱাই হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবল নাহে ৰাইজক বন্যহস্তী অধ্যুষিত এলেকাসমূহলৈ বুলি ৰাইজে অভিযোগ কৰে। কেইবামাহ ধৰি বৃহত্তৰ মৰঙি মৌজাত বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বনবিভাগ। ভুক্তভোগী ৰাইজে বনমন্ত্ৰীগৰাকীক শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত হোৱা ৰাইজক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছে।