ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৭ মেঃ মূখ্যমন্ত্ৰী ৰূপে পোন প্ৰথমবাৰ বাবে সৰ্বানন্দ সোনোৱালে বৃহস্পতিবাৰে মাৰ্ঘেৰিটাত উপস্থিত হয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা টাউন হাইস্কুল খেল পথাৰত মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত যোৱা পোন্ধৰ মে’ৰ পৰা তিনিদিনীয়া কৈ অনুষ্ঠিত হৈ থকা তেত্ৰিশতম বহাগী উৎসৱৰ অন্তিম দিনটোৰ কাৰ্যসূচীৰ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাৰ্ঘেৰিটাত পদাৰ্পন কৰি পোন প্ৰথমে মাৰ্ঘেৰিটাৰ শান্তিপাৰাস্থিত বৌদ্ধবিহাৰত উপস্থিত হৈ সেৱা জনাই বহাগী উৎসৱ খনত বিশিষ্ট অতিথি হিছাবে অংশগ্ৰহণ কৰে।বহাগী উৎসৱত অংশগ্ৰহণ কৰি মূখ্যমন্ত্ৰী গৰাকীয়ে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে আগন্তুক সময়ত অসম চৰকাৰে ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰিব।