সোণতলী, ২২ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত জাওঁকাটা দিয়াৰ দুই চৰকাৰী চাকৰিয়াল পুত্ৰই মৃত্যু ভাবুকিৰে পিতৃৰ ঘৰৰ পৰা খেদি পঠোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে৷ প্ৰাপ্ত তথ্য মতে, জাওঁকাটা দিয়াৰ শ্বহৰ আলী নামৰ বৃদ্ধজন ৫০ বিঘাৰো অধিক মাটি সম্পত্তি মালিক৷ চাৰি পুত্ৰ আৰু তিনি কন্যাৰ পিতৃ শ্বহৰ আলীৰ দুই পুত্ৰই কৃষি কৰ্ম কৰাৰ উপৰি আন দুই পুত্ৰই অসম আৰক্ষীত চাকৰি কৰে৷ কিন্তু সন্তানৰ বাবেই বৰ্তমান শ্বহৰ আলীয়ে ভিক্ষাৰীৰ দৰে মাগি পেট পুৰাই মুকলি আকাশৰ তলত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ শ্বহৰ আলীয়ে সংবাদ ৩৬৫ৰ সাংবাদিকক জানিবলৈ দিয়া মতে, তেওঁ বিগত পোন্ধৰ বছৰে পুত্ৰৰ দ্বাৰা বিভিন্ন ধৰণে নিৰ্যাতিত হৈ আহিছে৷ শেহতীয়াকৈ চৰকাৰী চাকৰিয়াল দুই পুত্ৰ আয়নুল হক অৰু ময়নুল হকে তেওঁ মৃত্যুৰ ভাবুকি দি ঘৰৰ পৰা খেদি পঠিয়ায়৷ প্ৰায় দহদিন পূৰ্বে কোনো লোকে শ্বহৰ আলীক সোণতলী বজাৰত উদ্ধাৰ কৰে আৰু সম্প্ৰতি বৃদ্ধ গৰাকীক সোণতলী সত্ৰৰ আজিজুল হকৰ তত্বাৱধানত ৰখা হৈছে৷ উল্লেখ্য যে, বৃদ্ধ বয়সত সন্তানৰ বাবে পিতৃ-মাতৃ বোজা স্বৰূপ হৈ ৰাজপথত এৰি অহা বা বৃদ্ধাশ্ৰমত গতাই দিয়াৰ ঘটনা সঘনাই সংঘটিত হ’ব ধৰিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ অসম বিধান সভা অধিবেশনত ৰাজ্য চৰকাৰে এখন আইন প্ৰণয়ন কৰে৷ এই আইনৰ অধীনত চৰকাৰী চাকৰিয়ালে পিতৃ মাতৃক অৱহেলা কৰিলে বা বৃদ্ধাশ্ৰম, ৰাজপথত এৰিলে তেওঁ দৰ্মহাৰ ১০শতাংশ কৰ্তন কৰি পিতৃ মাতৃৰ পালন পোষণত ব্যয় কৰা হ’ব৷ শ্বহৰ আলিয়ে ৰাজ্য চৰকাৰৰ এই নতুন আইনৰ অধীনত ন্যায় লাভ কৰিবনে, সেয়া সময়তহে দেখা যাব৷