হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৩০ জুলাই: পুনৰ জঘন্য ঘটনা সংঘটিত হ’ল মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ৰেছুবেলপাৰাত। যোৱা শনিবাৰে এগৰাকী মানসিক বিকাৰগ্ৰস্ত ১৩ বছৰীয়া কিশোৰী কামনাৰ বলি হ’ল দহটাকৈ নৰ পিশাচৰ। দহটাকৈ নৰ পিশাচৰ দলটোৱে ঘন জংঘলৰ মাজত পৃথক পৃথক স্থানত কেবাবাৰো দলবব্ধভাৱে ধৰ্ষণ কৰে। পাছত কিশোৰী গৰাকীয়ে সকলো তথ্য পৰিয়ালৰ লোকক অৱগত কৰে‌। ভুক্তভোগী কিশোৰী গৰাকীৰ পিতৃয়ে আৰক্ষী থানাত এজাহাৰ দিয়াত ৯ জনকৈ লম্পটক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লম্পট কেইটা ক্ৰমে লিয়নিন মমিন(৬১), জেংছিন মাৰাক(৬০), মিথিলছন মাৰাক(৫৪), পুলাৰছন মাৰাক(৪৮), বেকী চাংমা(৪১), ৰাজু চাংমা(৩১), ৰাজু মাৰাক(৩২), প্ৰেথিনচন চাংমা(নাবালক) বুলি পৰিচয় পোৱা গৈছে লগতে আৰু এজন নাবালক বৰ্তমানেও পলাতক। দহজনীয়া নৰ পিশাচৰ দলটোৰ ভিতৰত তিনিজন নৰপিশাচৰ বয়স ৫০ বছৰতকৈও অধিক হোৱাৰ বিপৰীতে দুটা লম্পট কিশোৰ। সম্প্ৰতি এজন লম্পট পলাতক অৱস্থাত আছে। আনহাতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছত ঘটনাটো মিমাংসালৈ অনাৰ বাবে পৰিয়ালটোক হেচা দি গাওবাসীয়ে এখন সভাৰ আয়োজন কৰে। ফলত কিশোৰী গৰাকীৰ লগতে পৰিয়ালৰ লোকে নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৯ টাকৈ নৰপিশাচক সোমবাৰে আদালতলৈ প্ৰেৰণ কৰে।