দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ২৪ এপ্ৰিল : প্ৰতিবছৰৰ দৰে এইবাৰো বহাগ মাহৰ কৃষ্ণ পক্ষৰ প্ৰথমটো মঙলবাৰৰ দিনা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অনুষ্ঠিত হয় ৫৫ তম দেৱী চাৰণতলা মেলা। জিলা খনৰ তুৰা চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত থকা গাৰো পাহাৰৰ হলদিবাৰী বাবেদপাৰা নামৰ পাহাৰৰ ওপৰত অনুষ্ঠিত হয় এই মেলা।

এই বাৰৰ মেলাখনত প্ৰায় ৩ লক্ষাধিক ভক্তৰ সমাগম হোৱা বুলি মেলা কৰ্তৃপক্ষই জানিবলৈ দিয়ে। মেলাৰ লগতে দেৱী চৰণতলা মাতাৰ পূজা উপলক্ষে ভক্ত সকলে নিজৰ মন কামনা পূৰণৰ বাবে ভিভিন্ন মানষা কৰে। যাৰ বাবে ভক্ত সকলে পূজাৰ নামত নগদ ধন, পঠা ছাগলী , পাৰ চৰাই, মহ আদি আনি ইয়াত বলি দিয়া হয়। এই বেলি তিনি সহস্ৰাধিক পঠা আৰু মহ বলি দিয়া হোৱাৰ লগতে কেবা লক্ষাধিক পাৰ চৰাই পূজাৰ নামত তৰণতলা মেলাত দান কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ১৯৬৫ চনৰ পৰা এই বাবেদপাৰা নামৰ গাৰো পাহাৰৰ ওপৰত পালন বিশেষকৈ কোচ সম্প্ৰদায়ৰ লোক সকলে পালন কৰি আহিছে চৰণতলা মেলাৰ নামত পূজা অৰ্চনা। আজিৰ পৰা প্ৰায় ৫৫ বছৰ আগত এই অঞ্চলত এক মহামাৰী ৰোগৰ আক্ৰান্ত হৈছিল গাঁওবাসী। কোচ সম্প্ৰদায়ৰ বসতি অঞ্চলত মহামাৰী বেমাৰ হোৱাৰ পাছত গাঁৱৰ মুখিয়াল এজনে সপোনত চৰণতলা দেৱীৰ আগমন হৈছে বুলি পূজা অৰ্চনা কৰিবলৈ কয়। এই পূজা অৰ্চনা কৰিলে মহামাৰী বেমাৰৰ পৰা ৰক্ষা পাব বুলি কোৱাত তেতিয়াৰ পৰাই ইয়াত চৰণতলা পূজাৰ কৰা আৰম্ভ কৰা হয়। ফলত মহামাৰী বেমাৰৰ পৰা কোচ লোকসকলে ৰক্ষা পৰে বুলি আজিও ৰাইজে বিশ্বাস কৰি আহিছে।

মেলাৰ আয়োজক সকলে জানিবলৈ দিয়া মতে আজি প্ৰায় ৫৪ বছৰ ধৰি চলি অহা চৰণতলা মেলা উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে বিশেষ কোনো গুৰুত্ব দিয়া নাই। যিহেতু ইয়াত দেশ বিদেশৰ ভক্ত সকলে দূৰ দূৰণিৰ পৰা আহে। তেওঁলোকৰ থকা মেলাৰ বাবে মেলা সমিতিয়ে কোনো ব্যৱস্থা হাতত লব পৰা নাই। অৱশ্যে মেলাত অহা ভক্ত সকলে পূজাৰ নামত কৰা দান বৰঙণিৰ ধনেৰে বাবেদপাৰাৰ এই চাৰণতলা দেৱীৰ মন্দিৰ উন্নয়ন কাম চলাই থকা পৰিলক্ষিত হৈছে।