গুৱাহাটী, সংবাদ ৩৬৫, ১০ মেঃ মেঘালয়ৰ শিল্পীক ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল দুজন আৰক্ষী। ধন দাবীৰ অপৰাধত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হোমগাৰ্ড মানিক বৈশ্য আৰু শৰৎ বসুমতাৰীক৷ উল্লেখ্য যে দিছপুৰ আৰক্ষী চকীত কৰ্মৰত হোমগাৰ্ড মানিক বৈশ্য আৰু শৰৎ বসুমতাৰীয়ে যোৱা ৮ এপ্ৰিলৰ নিশা মহানগৰীৰ ছয়মাইলত মেঘালয়ৰ শিল্পী গৰাকীক যুৱতিৰ সৈতে ৰৈ থকা অৱস্থাত তালাচীৰ নামত ব্লেকমেইলিং কৰি ১০ হাজাৰ টকা লৈছিল৷ এই ঘটনাৰ লগত তিনিজনকৈ বেটেলিয়ানৰ জোৱানৰ জড়িত থকাৰ কথাও জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আন তিনিজন বেটেলিয়ানৰ জোৱানৰ ওপৰতো ব্যৱস্থা লব। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হোমগাৰ্ড মানিক বৈশ্য আৰু গাড়ী চালক শৰৎ বসুমতাৰীক আদাললত হাজিৰ কৰাত আদালতে দুয়োজনকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।