গুৱাহাটী, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : শনিবাৰে মুম্বাইৰ বিশিষ্ট নাট পৰিচালক মেহেৰজাদ পেটেলৰ ৰচনা পৰিচালনাৰে মঞ্চস্থ হোৱা দ্য ডেভিল ৱেৰছ বাটা শীৰ্ষক নাটেৰে জীপাল হৈ পৰিল ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ মঞ্চ। শনিবাৰৰ নাটখনত অভিনয় কৰে ক্ৰমে ডানিছ ইৰাণী, সজীল পৰখ, দিলনাজ ইৰাণী আৰু ডৰিয়াছ শ্ৰফৰ দৰে মঞ্চজগতৰ বিশিষ্ট অভিনেতাই।

দেওবাৰে অৰ্থাৎ ৮ ডিচেম্বৰত সামৰণি পৰিব চতুৰ্থ সংখ্যক গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ। মুম্বাইৰ প্ৰতিষ্ঠিত প্ৰযোজনা সংস্থাৰ দ্বাৰা প্ৰযোজিত আৰু বিশিষ্ট বলীউদ অভিনেতা আমোল পালেকাৰৰ ৰচনা পৰিচালনাৰে মঞ্চস্থ হ’বলগীয়া নাট – কুছুৰ – দ্য মিছটেকৰ যোগেদি সামৰণি পৰিব এই নাট মহোত্সৱৰ। উক্ত নাটখনৰ একক চৰিত্ৰত অভিনয় কৰিব পৰিচালক আমোল পালেকাৰে নিজেই।

শনিবাৰৰ থিয়েটাৰ ফেষ্টিভেলৰ সন্দৰ্ভত গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ অধ্যক্ষ তথা উদ্যোক্তা জিপ্লাছৰ পৰিচালন সঞ্চালক তথা প্ৰকাশক সুনিত জৈনে কয়, ‘’প্ৰতিবছৰৰ দৰে এইবছৰো থিয়েটাৰ ফেষ্টিভেলৰ প্ৰতি দৰ্শকে দেখুওৱা অনাবিল সহাৰিয়ে আমাক দুগুণে উৎসাহিত কৰিছে। আমি আগবঢ়াই দিয়া বিশ্বমানৰ নাটসমূহৰ মানদণ্ডক গুৱাহাটীৰ দৰ্শক ৰাইজে প্ৰশংসা কৰা দেখিও উৎসাহিত হৈছো।”

বেলেণ্টাইনছ, দ্য আছাম ট্ৰিবিউনৰ লগতে অসম পৰ্যটন, এপ’ল’ হাস্পতাল, পূৰবী ডায়েৰী, বেংক অৱ বৰোডা, ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ইণ্ডিয়ান অইল আৰু ভাৰতীয় জীৱন বীমা নিগমৰ সহযোগত জিপ্লাছে আয়োজন কৰা এই থিয়েটাৰ ফেষ্টিভেলে ইতিমধ্যেই গুৱাহাটীৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক শক্তিশালী খোজ পেলাবলৈ সক্ষম হৈছে।