গুৱাহাটী, সংবাদ ৩৬৫, ১ মেঃ মে দিৱসৰ দিনা নিজকে মটৰ পৰিবাহন শ্ৰমিক ইউনিয়নৰ সদস্য বুলি পৰিচয় দি একাংশ লোকে মহানগৰীৰ নুনমাটি নাৰেংগীৰ ঘাইপথটোত যান বাহনৰ চলাচল বন্ধ কৰি তাণ্ডৱৰ সৃষ্টি কৰে। উল্লেখ্য যে, মঙলবাৰে পুৱাৰ ভাগৰে পৰা একাংশ উদণ্ড যুৱকৰ দলে মহানগৰীৰ ব্যস্ত নুনমাটি নাৰেংগী ঘাইপথ চুৱাত যান বাহনৰ চলাচল বন্ধ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। দলটোৱে ৰাজপথত চলাচল কৰা বাহন সমূহৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰি একাংশ বাহনৰ গ্লাছ ভাঙি চূৰ্ণ বিচুৰ্ণ কৰে। যুৱকৰ দলটোৱে ইমানতে শান্ত নাথাকি গাড়ী সমূহৰ পৰা চালকক নমাই প্ৰহাৰ কৰাৰ লগতে যাত্ৰীৰ সকলৰ লগতো দূৰ ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে। উদণ্ড যুৱকৰ দলে মহানগৰীৰ ৰাজপথত এনেদৰে তাণ্ডৱ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।