বৰপেটাৰোড, সংবাদ ৩৬৫, ১০ অক্টোবৰ: অসমীয়া যুৱকক নিৰ্যাতন গুজৰাটত। মোডীৰ মডেল গুজৰাটত নিৰ্যাতন চলাইছে অসমীয়া যুৱকৰ ওপৰত। বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ পৰা পেটৰ তাড়নাত কাম কৰিবলৈ গুজৰাটৰ বিভিন্ন কোম্পানীত কৰ্মৰত হৈ থকা অসমৰ শ্ৰমিকক নিৰ্যাতন চলাইছে গুজৰাটত। ৭৬জন শ্ৰমিক প্ৰাণৰ ভয়ত গুজৰাটৰ পৰা পলায়ণ কৰি কামৰূপ এক্সপ্ৰেছ ৰেল যোগে নামনি অসমৰ বৰপেটাৰোডলৈ আহে শ্ৰমিক কেইজন। উল্লেখযোগ্য যে গুজৰাটত হিন্দী ভাষী এজন যুৱকে গুজৰাটী এগৰাকী যুৱতীক ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ পাছতেই বিভিন্ন কোম্পানীত কৰ্মৰত অসমৰ পৰা যোৱা শ শ শ্ৰমিকক বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি আহিছিল গুজৰাটী লোক সকলে । প্ৰায় ডেৰমাহ জোৰা কাম কৰাৰ পাছতো এটকাও দিয়া নাই শ্ৰমিক সকলক । পাছত শ্ৰমিক সকলৰ ঘৰৰ পৰা শ্ৰমিকৰ বেংক একাউন্টত টকা পঠোৱাৰ পাছতহে তেওঁলোকে নিজ ঘৰলৈ আহিবলৈ সক্ষম হয়। গুজৰাটত সংঘটিত এনে ধৰণৰ ঘটনাই মোডীৰ গুজৰাট মডেলৰ ফোপোলা স্বৰূপ উদঙাই দিয়া বুলি উল্লেখ কৰি বৰপেটাৰোড আৰু গোৱৰ্দ্ধণা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোদী মুৰ্দাবাদ গুজৰাট মডেল হায় হায় মোদী গ বেক ধ্বনিৰে উত্তাল কৰি তোলে বৰপেটাৰোড ৰেলৱে ষ্টেচন চৌহদ ।