গুৱাহাটী , সংবাদ ৩৬৫, ১৩ এপ্ৰিল :প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল । সংবাদমেলত মোদীক কঠোৰ সমালোচনা তৰুণ গগৈৰ। ২০১৪ চনৰ তুলনাত মোদীৰ আস্থা একেবাৰে হ্ৰাস পাইছে । মোদীৰ আশ্বাস যে মিছা আছিল সেয়া ৰাইজে বুজি পালে । এই নিৰ্বাচন আটাইতকৈ গুৰুত্বপূৰ্ণ ।

মোদীয়ে একনায়কত্ববাদ চলাইছে । দেশৰ লাখ লাখ ৰাইজে চকীদাৰ চৌৰ হে বুলি ক’বলৈ আৰম্ভ কৰিছে । আমাৰ যুদ্ধ সাম্প্ৰদায়িকতা নীতিৰ বিৰুদ্ধে । মোদীয়ে জনসাধাৰণৰ মাজৰ একতা খৰ্ব কৰিব বিচাৰিছে ।

চকীদাৰ হোৱাৰ পাছত এই পাৰ্টীৰ বিল্ডিং বেছি হ’ল । আটাইতকৈ দুৰ্নীতিপৰায়ণ হৈছে সৰ্বানন্দ । সৰ্বানন্দক প্ৰত্যাহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰত্যাহ্বান জনাইছো, কেনেকৈ ইমান হেলিকপ্তাৰ আৰু চাৰ্টাৰ প্লেন উৰুৱাইছে?

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ । কেব বিৰোধিতা কৰা এটা এটাকৈ নেতাক কিনিছে? আজি কিয় আন্দোলন হোৱা নাই? আমাৰ দিনত জনজাতিকৰণ নকৰাক লৈ কিমান আন্দোলন হৈছিল এতিয়া কিয় নাই? ইয়াৰ মূল নায়ক হিমন্ত বিশ্ব শৰ্মা । তেওঁ বুৰঞ্জীত কলংকিত হিচাপে থাকি যাব ।

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কটাক্ষ গগৈৰ । সৰ্বানন্দ মুখ্যমন্ত্ৰী হয় নে নহয়, নে পুতলা মুখ্যমন্ত্ৰী মোৰ সন্দেহ হৈছে। তেওঁৰ যদি সত সাহস আছে মোৰ সৈতে মুকলি তৰ্কলৈ আহক আৰু মোদীৰ ৫ বছৰ আৰু এওঁৰ তিনিবছৰত কি কৰিলে হিচাপ দিয়ক ।

৫ বছৰত ৫ খন দলংৰ এটাও খুটা পুতিব পৰা নাই কিয়? এইমছৰ কিমান কাম কৰিলে? পৰিৱৰ্তন আমি আনিলো, অসমলৈ শান্তি আমি আনিলো, এওঁলোকে কি কৰিলে? অসমৰ পৰা বিশেষ মৰ্য্যদাহে কাঢ়ি নিলে।

মোদীক উদ্দেশ্যি কয় যে অসমক অৱজ্ঞা কৰা এনে প্ৰধান মন্ত্ৰী কেতিয়াও দেখা নাই ।

অতুল বৰা আৰু কেশৱ মহন্তকো তীব্ৰ ভাষাৰে সমালোচনা গগৈৰ। গগৈয়ে কয় “অতুল বৰা আৰু কেশৱ মহন্ত অকৃতজ্ঞ । এওঁলোকে অসমী আইক বেছিবলৈয়ো কুন্ঠাবোধ নকৰে ।”

ছাত্ৰসকল আকৌ ওলাই আহিব , কেবৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস ।