আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৭ অক্টোবৰ

শিৱসাগৰ দলমুখ চাৰিআলিৰ ৰিয়েল বজাৰ নামৰ ব্যৱসায়ীক প্ৰতিস্থানটোত ম্যাদ ওকলা সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰে শিৱসাগৰ চহৰ৷ ৰিয়েল বজাৰ নামৰ প্ৰতিস্থানটো বন্ধৰ দাবীত কেইটাও সংগঠনে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিত ৷ প্ৰতিবাদকাৰী বীৰ লাচিত সেনা, অনুসুচীত জাতি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে পৰিৱেশ উত্তাল কৰি তুলে৷

প্ৰতিবাদকাৰী সকলে ভেজাল সামগ্ৰী বিক্ৰীৰ অপৰাধত ৰিয়েল বজাৰ তাৎক্ষণিক চীল কৰাৰ দাবী জনায়৷ ইফালে ৰিয়েল বজাৰৰ স্বত্বাধীকাৰীয়ে এগৰাকী দৰিদ্ৰ অনুসুচীত জাতি সম্প্ৰদায়ৰ প্ৰতিস্থানটোৰ কৰ্মচাৰীৰ ভগ্নীক ধৰ্ষণৰ ভাবুকিও প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আন নালাগে মজুৰি নিদিয়াকৈ মাহ মাহ জুৰি কামত ব্যৱহাৰ কৰ্মচাৰী গৰাকীক প্ৰতিদিনেই অকৰ্থ্য নিৰ্য্যাতন আৰু সম্প্ৰদায়ক তীচিল্য কৰি ভাবুকি দিয়াৰো অভিযোগ ৰিয়েল বজাৰৰ স্বত্বাধীকাৰী গৰাকীৰ বিৰুদ্ধে। অসমীয়া জাতিক ভিক্ষাৰী আখ্যা দিয়া ৰিয়েল বজাৰ কৰ্তৃপক্ষ গৰাকীৰ বিৰুদ্ধে ভুক্তভূগী কৰ্মচাৰীয়ে ধৰ্ষণৰ অভিযোগ সম্বলিত এজাহাৰ দাখিল কৰাৰ ৭ দিনৰ পিছতো সদৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ণ নকৰাৰো অভিযোগ উথাপিত হৈছে। ঘটনাৰ পিছতে ৰিয়েল বজাৰৰ সন্মুখত শ শ যুৱক উপস্থিত হৈ ৰিয়েল বজাৰ চিৰ দিনৰ বাবে বন্ধ কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে বজাৰখন বন্ধ নকৰিলে পৰিস্থিতি অধিক ভয়াবহ কৰি তোলাৰো হুংকাৰ দিয়ে।

ব্যৱসায়ী গৰাকীক কাণত ধৰি আঠু কাঢ়ি ক্ষমা খোজাৰ দাবী জনায় বীৰ লাচিত সেনাৰ লগতে বিভিন্ন দল সংগঠনে৷ ঘটনাস্থলীত দণ্ডাধীশসহ আৰক্ষীৰ বিশাল দল উপস্থিত হৈ অৱশেষত ৰিয়েল বজাৰখন ছিল কৰি দিয়ে। ৰিয়েল বজাৰখনৰ বিৰুদ্ধে প্ৰশাসন, শ্ৰম বিভাগ, জোখ মাপ নিয়ন্ত্ৰক বিভাগৰ মুঠ ৪ টাকৈ গোচৰ ৰুজু কৰে।