মৰিগাঁও, সংবাদ ৩৬৫, ২ আগষ্টঃ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশত মৰিগাঁৱত দহৰো অধিক বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে৷ জিলাখনৰ জাগীৰোড,লাহৰীঘাট,মৰিগাঁও বিধানসভা সমষ্টিত ঘৰ পৰিয়াল কেইটাৰ৷ বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ অনুসৰি বিদেশী ন্যায়ধিকৰণে বিদেশী বুলি ৰায়দান দিয়াৰ পিছতো কেনেকৈ, কাৰ কি অভিসন্ধিৰ বাবে এই সকল লোকৰ নাম সন্নিবিষ্ট হ’ল তাকে লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ সেয়ে বৃহস্পতিবাৰে মৰিগাঁৱৰ উপায়ুক্ত হেমেন দাসে এই সন্দৰ্ভত জানিব দিয়া অনুসৰি সম্পূৰ্ণ খচৰাত সন্দেহযুক্ত বিদেশীৰ নাম প্ৰকাশ পালেও চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাত অন্তৰ্ভুক্ত নহয়৷ কিন্তু কি কাৰণত এনে অভিসন্ধিৰ সৃষ্টি হ’ল সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ এতিয়া প্ৰশ্ন উঠিছে  ৰাজ্যৰ আন আন জিলাবোৰতো এনে লোক অন্তভূক্তি হৈছে নেকি ? যদি হৈছে কোনে দিব সেই তথ্য৷ কোনে জনাব ৰাইজক ৷ এতিয়া চৰকাৰ আৰু এন আৰ চি কতৃপক্ষই এই ৩৯ টাকৈ পৰিয়ালৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে  লক্ষণীয় বিষয় হ’ব৷