আমিন ৰহমান

শিৱসাগৰ 

২১ আগষ্ট

শিৱসাগৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰক উষ্ম আদৰণি উজনি অসম মুছলিম কল্যান পৰিষদৰ। সংবাদমেলত বিজেপি চৰকাৰৰ আক্ৰমণ কৃষক নেতা গৰাকীৰ। “কা” আন্দোলনক পুনৰ তীব্ৰতৰ কৰাৰ হুংকাৰ ধৈৰ্য্য কোৱৰৰ৷ বিজেপি চৰকাৰে অন্যায়ভাৱে অখিল গগৈক কৰি ৰখাৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সংবাদমেলত মন্তব্য।

কিছুদিন পুর্বে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা শিৱসাগৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰক উষ্ম আদৰণি উজনি অসম মুছলিম কল্যান পৰিষদে। আদৰণি অনুষ্ঠানত কৃষক নেতা গৰাকীয়ে “কা” আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি পুনৰ বিজেপিত যোগদান কৰা অভিনেতা যতীন বৰাক তীব্ৰ সমালোচনা কৰি যতীন বৰাক এজন সুবিধাবাদী ব্যক্তি আৰু “কা” আন্দোলন স্তিমিত কৰিবলৈ চৰকাৰে নিয়োগ কৰা এজেন্ট আছিল বুলি কয়। শিপ্লী জুবিন গাৰ্গ সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰি কৃষক নেতা গৰাকীয়ে কয় যে জুবিন গাৰ্গে ভুল কৰিছে। জুবিন গাৰ্গক ৰজাঘৰৰ হাথিয়াৰ নহৈ প্ৰজাৰ পক্ষত থাকিবলৈ আহ্বান জনাইছে ধৈৰ্য্য কোঁৱৰে।

অসমৰ জনগণে বিজেপিৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছে আৰু বিজেপিক প্ৰতিহত কৰিবলৈ এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা কৰে কৃষক নেতা ধৈৰ্য্য কোঁৱৰে। কৃষক নেতা অখিল গগৈ আগন্তক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা-নোহোৱা ৰাইজৰ দাবী-আহ্বানত চিন্তা কৰা হ’ব বুলিও মন্তব্য কৰাৰ লগতে হোজাইৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ দৰে ব্যক্তি সাম্প্ৰাদায়িক দল বিজেপিৰ গৰ্ভত জন্ম হৈছে আৰু আইনে এওঁলোকক ঢুকি নাপায় বুলিও কয় কৃষক নেতা গৰাকীয়ে। অখিক গগৈৰ মুক্তিৰ বাবে আইনী যুঁজত অসমৰ মানুহে যি ধৰণে মৰম কৰিছ, ইয়াৰ পৰা প্ৰমান হয় যে অখিল গগৈ অসমৰ বাবে প্ৰাসঙ্গিক এজন ব্যক্তি বুলিও মন্তব্য কৰে ধৈৰ্য্য কোঁৱৰে।

ৰাজ্যত কৰ’ণা চিণ্ডিকেট চলি থকাৰ অভিযোগ কৰি কৃষক নেতা গৰাকীয়ে কয় যে চৰকাৰ আৰু সাধাৰণ মানুহৰ মাজত কৰ’ণা ভাইৰাছকলৈ চৰকাৰী নীতি-নিৰ্দেশনা পৃথক পৃথক। আনহাতে কৰ’ণা ভাইৰাছৰ গইনা লৈ মন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাই ভগৱান হ’বলৈ চেষ্টা কৰিছে বুলিও মন্তব্য কৰি ধৈৰ্য্য কোঁৱৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আৰু কৰ্মৰ মাজত পাৰ্থক্য আছে।